NORTHEAST NOW (Assamese)
অসম

হৃদৰোগত আক্ৰান্ত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী, আইচিইউত ভৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 2, 2021 5:02 pm
a 2021_1$largeim

নতুন বছৰতে দেশ-বিদেশৰ ক্ৰীড়াপ্ৰেমীক চিন্তাত পেলালে এটা দুঃখবৰে।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী আজি পুৱাই হৃদৰোগত আক্ৰান্ত হৈ কলকাতাৰ নিজৰ ঘৰতে ঢলি পৰে।

বুকুত তীব্ৰ বিষ অনুভৱ কৰা সৌৰভ গাংগুলীক ততাতৈয়াকৈ দক্ষিণ কলকাতাৰ উডলেণ্ড চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে পুৱালৈকে সৌৰভ গাংগুলী সুস্থ হৈয়েই আছিল যদিও হঠাতে বুকুৰ বিষত আক্ৰান্ত হয় আৰু ঢলি পৰে।

সম্প্ৰতি সৌৰভ গাংগুলীৰ চিকিৎসাৰ বাবে প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ  সৰোজ মণ্ডলৰ নেতৃত্বত চিকিৎসকৰ এটি পাঁচজনীয়া দল গঠন কৰি দিয়া হৈছে।

চিকিৎসালয় সূত্ৰই প্ৰকাশ কৰা মতে সৌৰভ গাংগুলী মৃদু হৃদৰোগত আক্ৰান্ত হৈছে আৰু তেওঁ শীঘ্ৰে বিপদমুক্ত হৈ উঠিব।

ইতিমধ্যে তেওঁৰ এঞ্জিঅ’প্লাষ্টি সম্পন্ন কৰা হৈছে বুলি চিকিৎসকে জানিবলৈ দিছে।

ভাৰতীয় ক্ৰিকেটৰ মহাৰাজ হিচাবে পৰিচিত সৌৰভ গাংগুলীৰ অসুস্থতাৰ খবৰ পোৱাৰ পিছতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইটযোগে ক্ৰিকেটাৰ গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সৌৰভ গাংগুলীৰ স্বাস্থ্যৰ খবৰ লোৱা বুলি জানিব পৰা গৈছে।