NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ৰাজনৈতিক ক্ষমতা থাকিলে সকলো সম্ভৱ! পৰ্ণ তাৰকাক উৎকোচ দিয়াৰ গোচৰত শাস্তিৰ পৰা ৰেহাই পালে ড’নাল্ড ট্ৰাম্পে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 12, 2025 6:05 pm

ৰাজনৈতিক ক্ষমতা থাকিলে যে সকলো দোষৰ পৰা হাত পাৰিব পাৰি, ৰাজনৈতিক ক্ষমতা থাকিলে আইন-কানুনেও স্পৰ্শ কৰিব নোৱাৰি সেই কথা আকৌ এবাৰ প্ৰমাণিত হ’ল। আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মুক্তিয়ে এতিয়া যেন সেই কথাকেই প্ৰমাণিত কৰিছে।

পৰ্ণগ্ৰাফীত অভিনয় কৰা নায়িকা তথা পৰ্ণতাৰকা ষ্টমী ডেনিয়েলছৰ সৈতে এসময়ত অসুৰক্ষিত যৌন সম্পর্ক স্থাপন কৰিছিল ড’নাল্ড ট্রাম্পে। এই অভিযোগ কৰিছিল খোদ অভিনেত্ৰীগৰাকীয়ে।

কিন্তু ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ সময়ত যাতে অভিনেত্ৰীগৰাকীয়ে মুখ নোখোলে তাৰ বাবে উৎকোচ প্ৰদান কৰিছিল ট্ৰাম্পে। ফলত আদালতত বিচাৰৰ সম্মুখীন হৈছিল ড’নাল্ড ট্রাম্প। আদালতে দোষী সাব্যস্ত কৰিছিল ড’নাল্ড ট্ৰাম্পক।

এই অভিযোগৰ পিছতো পুনৰবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ড’নাল্ড ট্ৰাম্প। ৰাষ্ট্ৰপতি হিচাপে অপাৰ ক্ষমতা লাভ কৰাৰ পিছতেই এই শাস্তি উঠাই ল’লে আমেৰিকাৰ আদালতে।

শেহতীয়াকৈ এই গোচৰৰ বিচাৰত আদালতে ৰায় দিয়ে যে ট্ৰাম্পে দোষ কৰিলেও ট্ৰাম্পৰ শাস্তি নহয়। কাৰাগাৰৰ শাস্তিৰ পৰা ৰেহাই দিয়া হৈছে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক। এতিয়া আমেৰিকাৰ আদালতৰ এই ৰায়ৰ পিছত কেৱল আমেৰিকাতেই নহয়, সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে নতুন বিতৰ্কৰ। ৰাজনৈতিকন ক্ষমতাৰে নিজকে শাস্তি মুক্ত কৰা বুলি ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।