NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছৰ দুৰ্গ নাজিৰাত হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিৰ বিশাল চাইকেল ৰেলী

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ January 4, 2021 6:11 pm

কংগ্ৰেছৰ দুৰ্গৰূপে খ্যাত নাজিৰাত আজি বিজেপিয়ে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বৃহৎ চাইকেল ৰেলী বাহিৰ কৰে।

বিজেপিৰ দলীয় সমৰ্থক সকলক লগত লৈ প্ৰায় ২৫ কিলোমিটাৰ চাইকেল চলাই হিমন্ত বিশ্ব শৰ্মাই।

নাজিৰাৰ মাদুৰীৰ পৰা নমাটি, নাজিৰা চহৰৰ মাজমজিয়াই দি ৰজাপুললৈ প্ৰায় ২৫ কিলোমিটাৰ দূৰত্ব এই বৃহৎ চাইকেল ৰেলীয়ে সামৰি লয়।

ইয়াৰ পিছতেই  নাজিৰাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুস্থান “আশ্ৰয়ে” অনুষ্ঠিত কৰা সভাত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে “আমাৰ বজাৰ, আমাৰ দখল” বাণী লৈ ৯ হাজাৰ শিপিনীক গামোচা ববলৈ সূতা প্ৰদান কৰাৰ লগতে চাহ জনগোষ্ঠীৰ ৫ হাজাৰ মহিলা আৰু অন্যান্য জনগোষ্ঠীৰ ২ হাজাৰ মহিলাক উন্নত জাতৰ মুৰ্গী পোৱালি বিতৰণ কৰে।

অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য, বিত্ত তথা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (স্বতন্ত্ৰ) বিভাগৰ মন্ত্ৰী যোগেন মহন, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ লগতে বহু কেইগৰাকী  BJPৰ নেতা কৰ্মীয়ে।