NORTHEAST NOW (Assamese)
Popular Stories

‘দেশত একক নাগৰিক সংহিতাৰ প্ৰয়োজন’- কেন্দ্ৰক আইন আনিবলৈ উচ্চ ন্যায়ালয়ৰ প্ৰস্তাৱ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 6, 2025 8:53 am

বিজেপি শাসিত ৰাজ্যসমূহত ইউনিফৰ্ম চিভিল কোড ৰূপায়ণক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক বৃহৎ পৰ্যবেক্ষণ কৰিছে। এটা গোচৰৰ ৰায়দানৰ সময়ত উচ্চ ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্যক ইউনিফৰ্ম চিভিল কোড প্ৰণয়নৰ প্ৰস্তাৱ আগবঢ়ায়। আদালতে লক্ষ্য কৰিলে যে এই আইনখনেহে সংবিধানৰ ১৪ নং অনুচ্ছেদৰ মূল উদ্দেশ্য কাৰ্যকৰী কৰিব পাৰিব।

এগৰাকী মুছলমান মহিলাৰ সম্পত্তি বিতৰণৰ বিবাদৰ ওপৰত ৰায়দান কৰাৰ সময়ত আদালতে মুছলমান ব্যক্তিগত আইনৰ বিৰুদ্ধে মাত মাতিছিল। ন্যায়াধীশ সঞ্জীৱ কুমাৰে দেশৰ আইন আৰু মুছলমান ব্যক্তিগত আইনৰ মাজত থকা বৈষম্যৰ ওপৰত আলোকপাত কৰি কয় যে হিন্দু কন্যাই সকলো বিষয়তে পুত্ৰৰ সমান আইনী অধিকাৰ লাভ কৰে। যিটো মুছলমান মহিলাই নাপায়। এনে লিংগ বিভাজন নাইকিয়া কৰি সংবিধানত সমতা ৰক্ষাৰ বাবে একেধৰণৰ নাগৰিক সংহিতাৰ প্ৰয়োজন। এই আইনখন কাৰ্যকৰী হলেহে দেশৰ সংবিধানৰ ১৪ নং অনুচ্ছেদৰ উদ্দেশ্য পূৰণ হব। দেশৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি নাৰীৰ বিৰুদ্ধে বৈষম্য কৰাৰ কু-প্ৰৱণতাৰ অন্ত পৰিব।

কেৱল সেয়াই নহয়, এই গোচৰত ৰায়দান দিওঁতে আদালতে উল্লেখ কৰিছে যে আদালতে লিখিত প্ৰস্তাৱ আগবঢ়াব যাতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে তৎক্ষণাত ইউনিফৰ্ম চিভিল কোড আইন প্ৰণয়নৰ চেষ্টা কৰে। ন্যায়াধীশগৰাকীয়ে আৰু কয় যে এই আইনখনে সংবিধানৰ ৪৪ নং অনুচ্ছেদৰ অধীনত সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত বিষয়সমূহৰ উদ্দেশ্য পূৰণ কৰিব। যিবোৰ হৈছে ন্যায়, স্বাধীনতা, সমতা, ভ্ৰাতৃত্ববোধ আৰু জাতীয় ঐক্য।

উল্লেখ্য যে ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ কৰা উত্তৰাখণ্ড দেশৰ প্ৰথমখন ৰাজ্য। একাধিক নিয়মৰ লগতে এই আইনখনে সন্তানৰ উত্তৰাধিকাৰৰ ক্ষেত্ৰত সমান অধিকাৰ থকাটো নিশ্চিত কৰে। ফলত পুত্ৰ-কন্যা উভয়ে সমান অধিকাৰ লাভ কৰিব। বিবাহৰ বাবে নূন্যতম বয়স হব ২১ বছৰ, যিটো ইতিমধ্যে প্ৰযোজ্য। দম্পতীয়ে নিজ নিজ সম্প্ৰদায়ৰ ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হব। অৱশ্যে বিবাহ পঞ্জীয়ন বাধ্যতামূলক। দেৱভূমিৰ পাছত আৰু দুখন বিজেপি শাসিত ৰাজ্য গুজৰাট আৰু গোৱাই এই আইনখন গৃহীত কৰাৰ উদ্যোগ লৈছে। এক দেশ, এক আইন বাক্যাংশটো বাৰে বাৰে বিজেপিৰ শীৰ্ষ নেতাৰ মুখৰ পৰা শুনা গৈছে।