NORTHEAST NOW (Assamese)
অসম

মাস্ক নিপিন্ধাসকলৰ বাবে শাস্তি: ঝাড়ু দিব লাগিব ৰাজপথ, চৰকাৰী সিদ্ধান্তক আদৰিলে বহুতে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 30, 2020 3:41 pm
a road

সৌসিদিনালৈকে ক’ৰ’ণা বুলি ক’লেই জাপ মাৰি উঠা সকলৰ বহুতেই এতিয়া মাৰাত্মক ৰোগ বিধক গুৰুত্ব নিদিয়া হৈছে।

আগতে ক’ৰ’ণাৰ ভয়ত লগত  অনৱৰতে মাস্ক লৈ ফুৰাসকলৰ বহুতেই এতিয়া মাস্ক দলিয়াই দি জনসমাগমৰ মাজতো নিৰ্ভয়ে ঘূৰি ফুৰিছে।

ক’ৰ’ণাই কোনো দিনে আক্ৰমণ কৰিব নোৱাৰে বুলি অধিক আত্মবিশ্বাসী হৈ থকাসকলৰ বাবেই এতিয়া ঠায়ে ঠায়ে ক’ৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পাইছে।

চৰকাৰী নিৰ্দেশনা উলংঘা কৰি মাস্ক নিপিন্ধাকৈয়ে ঘূৰি ফুৰাসকলক নাকি লগাবলৈ চৰকাৰে জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে যদিও বহুতে লাগিলে জৰিমনাই ভৰিব তথাপি মাস্ক নিপিন্ধাৰ পণ লৈছে।

এনে পৰিস্থিতিত কেৱল জৰিমনা বিহিলেই মানুহ সঠিক পথলৈ নাহিব বুলি উপলব্ধি কৰি মহাৰাষ্ট্ৰৰ চৰকাৰে ৰে’লকে ধৰি আন ৰাজহুৱা স্থানত মাস্ক নিপিন্ধাকৈ ওলোৱা লোকক জৰিমনাৰ উপৰি কমেও এঘণ্টা সময় ৰাজপথ সাৰিবলৈ দিয়াৰ সিদ্ধান্ত লৈছে।

মহাৰাষ্ট্ৰৰ চৰকাৰে ইতিমধ্যে এই সন্দৰ্ভত ৰাজ্য খনৰ ৰে’ল আৰক্ষীলৈ পত্ৰও প্ৰেৰণ কৰা বুলি চৰকাৰৰ এগৰাকী মুখপাত্ৰ প্ৰকাশ কৰিছে।

মহাৰাষ্ট্ৰৰ চৰকাৰে নিয়ম উলংঘা কৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে গ্ৰহণ কৰা এনে কঠোৰ সিদ্ধান্তক বহুতে আদৰণি জনোৱা পৰিলক্ষিত হৈছে।