NORTHEAST NOW (Assamese)
অসম

আজিংক ৰাহানেৰ প্ৰসংশাত পঞ্চমুখ কেৰিবিয়ান ষ্টাৰ বেটছমেন ক্ৰিছ গেইল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 4, 2021 9:23 pm

ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলবৰ্ণ টেষ্টত ঐতিহাসিক বিজয় সাব্যস্ত কৰাত অধিনায়ক আজিংক ৰাহানেৰ প্ৰসংশাত পঞ্চমুখ হৈ পৰিছে কেৰিবিয়ান ষ্টাৰ বেটছমেন ক্ৰিছ গেইল।

বিৰাট কোহলীৰ অনুপস্থিতিত অধিনায়কৰ দায়িত্ব বহন কৰা ৰাহানেই দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত সুন্দৰ শতকীয় ইনিংছ খেলিছিল।

এই মেচখনত ভাৰতে অষ্ট্ৰেলিয়াক ৮ উইকেটত পৰাস্ত কৰিছিল।

ভাৰতীয় দলৰ এই বিজয়ৰ পিছতেই মহান ক্ৰিকেটাৰসকলে এয়া ক্ৰিকেট ইতিহাসৰ সবাটোকৈ শ্ৰেষ্ঠ প্ৰত্যাৱৰ্তনৰ ভিতৰত অন্যতম বুলি অভিহিত কৰিছে।

এই মেচখনত স্থায়ী অধিনায়ক বিৰাট কোহলী, ৰোহিত শৰ্মাৰ লগতে মহম্দ ছামিও নাছিল।

গেইলে এখন বাতৰিকাকতত দিয়া এটা সাক্ষাতত কয় যে ভাৰতে প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছত মাত্ৰ ৩৬ ৰানত অলআউট হওতে বিভিন্নজনৰ সমালোচনাৰ সন্মুখীন হৈছিল।

বাওঁহতীয়া বিস্ফোৰক বেটছমেনজনে কয়, ‘মই গোটেই মেচখন চোৱা নাছিলো। এডিলেইড টেষ্টৰ দ্বিতীয় ইনিংছত ভাৰতীয় দলে মাত্ৰ ৩৬ ৰানহে বনাব পাৰিছিল। ইয়াৰ পিছত ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলৰ সন্দৰ্ভত বহু কিবা কিবি কোৱা হৈছিল’।

তেওঁ লগতে কয়, ‘ইয়াৰ পিছত মেলবৰ্ণ টেষ্টত ভাৰতে সুন্দৰ বিজয় সাব্যস্ত কৰে। টিম ইণ্ডিয়া প্ৰশংসাৰ যোগ্য। প্ৰথম টেষ্টত পৰাজয়ৰ পিছতো আজিংক ৰাহানেই চমৎকাৰ কৰি দিয়ে আৰু শৃংখলাত সমতা স্থাপন কৰে। তৃতীয় টেষ্ট চাবলগীয়া হ’ব’।

উল্লেখ্য যে দুয়োটা দলৰ মাজত শৃংখলাৰ চতুৰ্থখন টেষ্ট অহা ৭ জানুৱাৰিৰ পৰা ছিডনীত অনুষ্ঠিত হ’ব।