NORTHEAST NOW (Assamese)
অসম

তেৰে জেইচা য়াৰ কাহা; ফেইণ্ডশ্বিপ ডেত ভাৰতলৈ উষ্ম শুভেচ্ছা ইজৰাইলৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 2, 2020 4:50 pm
তেৰে জেইচা য়াৰ কাহা; ফেইণ্ডশ্বিপ ডেত ভাৰতলৈ উষ্ম শুভেচ্ছা ইজৰাইলৰ

বন্ধুত্বৰ দিন উপলক্ষে ইজৰাইলে ভাৰত আৰু ইজৰাইলৰ মাজত থকা বন্ধুত্ব সম্পৰ্কত প্ৰশংসা সূচক মন্তব্যৰে টুইট কৰে।

”তেৰে জেইচা য়াৰ কাহা, কাহা এইচা য়াৰানা,” বন্ধুত্বৰ দিনত ইজৰাইলী ৰাষ্ট্ৰদূতে ভাৰতৰ সৈতে থকা সম্পৰ্কক প্ৰশংসা কৰি এইদৰে টুইট কৰে।

আনহাতে, ইজাৰাইলৰ ৰাষ্ট্ৰদূতে ক’ৰ’না মহামাৰীৰ সময়ত দুয়োখন দেশৰ উমৈহতীয়া সহযোগিতাৰো ফটো ছ’চিয়েল মিডিয়া যোগে শ্বেয়াৰ কৰে।

”হেপী ফ্ৰেইণ্ডশ্বিপ দে ইণ্ডিয়া। মহান বন্ধুত্বৰ বাবে আন্তৰিক ধন্যবাদ,” ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰন মালকাই বন্ধুত্বৰ দিনটোত এইদৰে টুইট কৰি ভাৰতলৈ শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, ভাৰত আৰু ইজৰাইলৰ মাজত সামৰিক, শিক্ষা, স্বাস্থ্যকে আদি কৰি বিভিন্ন দিশত সুসম্পৰ্ক আছে।

ভাৰত আৰু চীনৰ মাজত চলি থকা সীমা বিবাদৰ সময়ত ইজৰাইলে ভাৰতলৈ উচ্চ প্ৰযুক্তিৰ অস্ত্ৰ আমদানিৰ ক্ষেত্ৰত অনুমোদন দিছে।

ভাৰতৰ সৈতে সন্মিলিতভাৱে কোভিড টেষ্টিং কিট নিৰ্মাণৰ বাবে ইতিমধ্যে ভাৰতত ইজৰাইলৰ গৱেষকৰ এটা দলো উপস্থিত হৈছে।