NORTHEAST NOW (Assamese)
অসম

পুনৰ ভাৰতীয় এদিনীয়া ক্ৰিকেট দললৈ প্ৰত্যাৱৰ্তনৰ পৰিকল্পনা আজিংক ৰাহানেৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 2, 2020 4:33 pm

পুনৰ ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া একাদশলৈ উভতি অহাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ নিয়মীয়া সদস্য আজিংক ৰাহানে।

২০১৮ চনত ভাৰতীয় ক্ৰিকেট দলৰ হৈ অন্তিমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত অংশলোৱা ৰাহানে শনিবাৰে পুনৰ ভাৰতীয় এদিনীয়া দললৈ প্ৰত্যাৱৰ্তনৰ বাবে আশা ব্যক্ত কৰিছে।

”মোৰ প্ৰথম পৰিকল্পনা হ’ল ভাৰতীয়া এদিনীয়া ক্ৰিকেট দললৈ প্ৰত্যাৱৰ্তন কৰা। দলৰ পৰা বাদ পৰাৰ পূৰ্বে বিগত ৩-৪ বছৰত মোৰ এদিনীয়া ক্ৰিকেটৰ ৰেকৰ্ড ভালে আছিল,” ৰাহানে কয়।

আজিংক ৰাহানে ভাৰতীয় ক্ৰিকেট দলৰ হৈ মুঠ ৯০ খন খেলত অংশগ্ৰহণ কৰি ২,৯৬২ ৰান সংগ্ৰহ কৰিছিল।

এদিনীয়া দলৰ পৰা বাদ পৰিলেও আজিংক ৰাহানে ভাৰতীয় টেষ্ট দলৰ নিয়মীয়া খেলুৱৈ।

চেতেশ্বৰ পূজাৰা, অধিনায়ক বিৰাট কোহলীৰ সৈতে ৰাহানে ভাৰতীয় টেষ্ট দলৰ মিডল অৰ্ডাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালি আছে।