NORTHEAST NOW (Assamese)
Popular Stories

UN, WHO ভাৰতক লৈ সুখী, কিন্তু কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টি নহয় : চম্বিত পাত্ৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 5, 2021 12:33 pm
Sambit-Patra

দীৰ্ঘ সময় ধৰি ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ দি থকা ভাৰতে দুটা ভেকচিনৰ মঞ্জুৰি লাভ কৰিছে যদিও ইয়াক লৈ দেশৰ ৰাজনীতিও উত্তপ্ত হৈ উঠিছে।

ভেকচিনক লৈ কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ পিছত এতিয়া দুয়োটা দলকে উভতি ধৰিছে শাসনাধিষ্ঠ বিজেপিয়ে।

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ চম্বিত পাত্ৰাই সোমবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে ভেকচিন অহাৰ পিছত দুটা প্ৰজাতি গভীৰ আশংকা তথা চিন্তাত ভুগিছে। এটা ক’ৰ’না ভাইৰাছ আৰু আনটো কংগ্ৰেছ পাৰ্টি।

সময়ে সময়ে কংগ্ৰেছ দলে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেশবাসীয়ে দেখি অহা বুলিও পাত্ৰাই মন্তব্য কৰে।

চম্বিত পাত্ৰাই লগতে কয় যে দেশত এতিয়া ভেকচিনক লৈ যেনেধৰণৰ ৰাজনীতি হৈ আছে, তাতকৈ দুখজনক আৰু কষ্টদায়ক একো হ’ব নোৱাৰে।

তেওঁ কয়, ‘য়ু এন, বিশ্ব স্বাস্থ্য সংস্থা ভাৰতৰ এই পদক্ষেপক লৈ সুখী, কিন্তু কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টি নহয়’।

বিজেপি মুখপাত্ৰ গৰাকীয়ে লগতে কয় যে পাৰ্টি অধ্যক্ষ জেপি নাড্ডাইও এই বিষয়ত মন্তব্য কৰি কৈছে যে কংগ্ৰেছ আৰু বিৰোধীয়ে যাক লৈ ৰাজনীতি কৰি আছে সেই বিষয়ত তেওঁলোকে আত্মসমালোচনা কৰিব লাগে যে কিয় এনে ব্যৱহাৰ কৰি আছে।

আনহাতে বিজেপিৰ ভেকচিন গ্ৰহণ নকৰে বুলি অখিলেখ যাদৱে কৰা মন্তব্যক সমালোচনা কৰি পাত্ৰাই কয়, ‘ভেকচিন বিজেপিয়ে বনাইছে নেকি? ভাৰতৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই’।