NORTHEAST NOW (Assamese)
অসম

বুধবাৰে চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হ’ব সৌৰভ গাংগুলীক : উডলেণ্ড চিকিৎসালয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 5, 2021 1:01 pm

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীক বুধবাৰে চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হ’ব।

কলকাতাৰ উডলেণ্ড হাস্পতালৰ চিইঅ’ আৰু এমডি ডাঃ ৰূপালী বসুৱে এই কথা জানিবলৈ দিয়ে।

তেওঁ লগতে জনাই যে চিকিৎসালয়ৰ পৰা মুক্তি দিয়াৰ পিছত ঘৰতে গাংগুলীৰ শাৰিৰীক অৱস্থাৰ গতি বিধি নিৰীক্ষণ কৰি থকা হ’ব।

উল্লেখ্য যে ৪ জানুৱাৰি অৰ্থাৎ সোমবাৰে দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাংগুলীৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লৈছিল।

নাইডু আৰু মোদীয়ে গাংগুলীৰ পৰিয়ালৰ সৈতে ফোনযোগে কথা পাতি তেওঁৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ বিষয়ে বুজ লয়।

ইয়াৰ উপৰি বিচিচিআইৰ প্ৰাক্তন অধ্যক্ষ তথা কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰে চিকিৎসালয়ত উপস্থিত হৈ গাংগুলীৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লোৱা পৰিলক্ষিত হৈছিল।

উল্লেখ্য যে যোৱা শনিবাৰে পুৱা সৌৰভ গাংগুলী হৃদৰোগত আক্ৰান্ত হৈ কলকাতাৰ নিজৰ ঘৰতে ঢলি পৰে।

বুকুত তীব্ৰ বিষ অনুভৱ কৰা সৌৰভ গাংগুলীক ততাতৈয়াকৈ দক্ষিণ কলকাতাৰ উডলেণ্ড চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

পৰীক্ষা-নিৰীক্ষাৰ অন্তত  সৌৰভ গাংগুলী মৃদু হৃদৰোগত আক্ৰান্ত আৰু তেওঁ শীঘ্ৰে বিপদমুক্ত হৈ উঠিব বুলি চিকিৎসকে প্ৰকাশ কৰিছিল।

ইফালে উডলেণ্ড হাস্পতালৰ ৯জনীয়া বিশেষ মেডিকেল দলৰ সৈতে হৃদৰোগ বিশেষজ্ঞ ৰমাকান্ত পাণ্ডা আৰু দেৱী চেট্টীয়ে ভাৰ্চুৱেল কনফাৰেন্সযোগে গাংগুলীৰ চিকিৎসা সন্দৰ্ভত আলোচনা কৰে।