NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’ণা মহামাৰীৰ মাজতেই দেশৰ চাৰি ৰাজ্যত আতংকৰ সৃষ্টি কৰিছে বাৰ্ড ফ্লুৱে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 5, 2021 2:52 pm
index

ক’ৰ’ণা মহামাৰীৰ মাজতে দেশত পুনৰ দেখা দিছে বাৰ্ড ফ্লুৰ আতংকই। এইবাৰ বাৰ্ড ফ্লু প্ৰথমে আৰম্ভ হৈছে ৰাজস্থানত। ইতিমধ্য চৰকাৰে ৰাজ্যখনত সতৰ্কতা জাৰি কৰিছিল।

প্ৰথমাৱস্থাত ৰাজস্থানত বাৰ্ড ফ্লুৰ সংক্ৰমণৰ ফলত শ শ কাউৰী, ময়ূৰ আদি পক্ষীৰ মৃত্যু হোৱাৰ খবৰ আহিছিল।

ৰাজস্থানত আৰম্ভ হোৱা বাৰ্ড ফ্লুৱে সংক্ৰমণ ঘটি এতিয়া বিয়পি পৰিছে মধ্যপ্ৰদেশ, কেৰেলা আৰু হিমাচল প্ৰদেশ পৰ্যন্ত।

বাৰ্ড ফ্লুৰ আতংকত ইয়াৰ পিছত দেশৰ এই তিনিখন ৰাজ্যইয়ো জাৰি কৰিছে সতৰ্কতা।

ৰাজস্থানৰ ঝালৱাৰ, বাৰাণ, যোধপুৰ আদিত পক্ষীৰ অস্বাভাৱিক মৃত্যুৰ হোৱাত ৰাজ্যখনত বাৰ্ড ফ্লু এলাৰ্ট জাৰি কৰিছিল ৰাজ্যৰ প্ৰশাসনে।

ইফালে কেৰেলাৰ কোট্টায়াম, আলাপ্পুঝা, কাৰুভাট্টা, নেদুমুণ্ডি আদি ঠাইতো বিয়পি পৰিছে এই মাৰাত্মক ভাইৰাছবিধ। ৰাজ্যখনৰ চৰকাৰে সমস্ত আক্ৰান্ত অঞ্চলসমূহৰ এক কিলোমিটাৰ ব্যাসাৰ্ধত কুকুৰা আৰু হাঁহ মিলাই ৪০ হাজাৰ প্ৰজননৰো নিৰ্দেশ দিছে।

আনহাতে হিমাচল প্ৰদেশৰ জলাভূমিসমূহত আঢ়ৈ হাজাৰো অধিক প্ৰৰিভ্ৰমী পক্ষীৰ মৃত্যু হৈছে। প্ৰথমাৱস্থাত পক্ষীসমূহৰ মৃত্যু কাৰণ জানিব পৰা নাছিল যদিও পিছত মৃত্যু কাৰণ বাৰ্ড ফ্লু বুলি নিশ্চিত হৈছে সংশ্লিষ্ট বিভাগ।

মধ্য প্ৰদেশৰ ইন্দোৰ. খাৰগোন, চেহোৰ আৰু অন্যান্য অঞ্চলসমূহত বাৰ্ড ফ্লুৱে আতংকৰ সৃষ্টি কৰিছে। ৰাজ্যখন কাউৰীৰো অস্বাভাৱিক হাৰত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বিগত দহ দিনত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত চাৰিশৰো অধিক কাউৰীৰ মৃত্যু হৈছে।