NORTHEAST NOW (Assamese)
অসম

বলীউদত মাত্ৰ ৩খন ছবি মুক্তি পাইছে অভিনেত্ৰী গৰাকীৰ; ৩৯ কোটি টকাৰে কিনিলে বিলাসী ফ্লেট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 5, 2021 2:55 pm
janhvi-kapoor

বলীউদত ক’বলৈ গ’লে নৱাগতা এই গৰাকী অভিনেত্ৰী। ২০১৮ চনত ‘ধাড়াক’ ছবিৰে বলীউদত অভিষেক ঘটিছিল বলীউদৰ প্ৰসিদ্ধ অভিনেত্ৰী শ্ৰীদেৱীৰ কন্যা জাহ্নৱী কাপুৰৰ।

ইয়াৰ পাছত জাহ্নৱীয়ে কৰিছে ‘ঘোষ্ট ষ্টৰিজ’ আৰু ‘গুঞ্জন ছাক্সেনা: দ্য কাৰ্গিল গাৰ্ল’ নামৰ ছবি দুখন।

মাত্ৰ তিনিখন ছবি মুক্তি পালেও ২৩ বছৰীয়া এই অভিনেত্ৰীয়ে কটাইছে এক বিলাসী জীৱন।

পুৰণি বছৰক বিদায় দিয়াৰ সময়তে জাহ্নৱীয়ে ৩৯ কোটি টকাৰে ক্ৰয় কৰিছে এটি বিলাসবহুল ফ্লেট।

মুম্বাইৰ জুহুৰ এটা আৱাসিক অঞ্চলত জাহ্নৱীয়ে তিনিমহলীয়া এই নতুন ফ্লেটটো ক্ৰয় কৰিছে। তিনি হাজাৰ ৪৫৬ বৰ্গফুটৰ এই ফ্লেটটো যোৱা ৭ ডিচেম্বৰত জাহ্নৱীয়ে আনুষ্ঠানিকভাৱে ক্ৰয় কৰিছে।

বৰ্তমান জাহ্নৱী পিতৃ বনী কাপুৰ আৰু ভনীয়েক খুচী কাপুৰৰ সৈতে লোখাণ্ডাৱালাৰ এটি এপাৰ্টমেন্টত আছে।

নৱবৰ্ষত বলীউদৰ বহু তাৰকাই নতুন ঘৰ কিনিছে। এই তালিকাত অভিনেতা ঋত্বিক ৰোশন, অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰো আছো।