NORTHEAST NOW (Assamese)
অসম

এনচিপিৰ বৰ্ষীয়ান নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শাৰদ পাৱাৰ চিকিৎসাধীন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 29, 2021 5:26 pm
Sharad-Pawar-750x375

এনচিপিৰ বৰ্ষীয়ান নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শাৰদ পাৱাৰ গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছে।

প্ৰচণ্ড পেটৰ বিষত ভোগা পাৱাৰক লগে লগে মুম্বাইৰ ব্ৰীছ কেণ্ডী হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হয়।

চিকিৎসালয় সূত্ৰই প্ৰকাশ কৰা মতে নেতাগৰাকীয়ে গ’ল ব্লাডাৰৰ সমস্যাত ভুগিছে আৰু তেওঁৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব। জানিব পৰা মতে ৩১ মাৰ্চৰ দিনা পাৱাৰৰ গ’ল ব্লাডাৰৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব।

কৰ্কট ৰোগ জয় কৰিবলৈ সক্ষম হোৱা পাৱাৰৰ ২০০৪ চনতো আন এটা অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল।

পাৱাৰ অসুস্থ হৈ পৰাৰ খবৰ পোৱাৰ লগে লগে এনচিপিৰ কৰ্মীসকল উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে।

এনচিপিৰ মুখপাত্ৰ নৱাব মালিকে প্ৰকাশ কৰা মতে শাৰদ পাৱাৰক চিকিৎসকে প্ৰদান কৰি অহা তেজ পাতল কৰা দৰৱ বন্ধ কৰা হৈছে।

পাৱাৰৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে বুলিও তেওঁ জনায়।