NORTHEAST NOW (Assamese)
অসম

হঠাতে সূৰ্য হৈ পৰিল নীলা, আকাশ হৈ পৰিল হালধীয়া, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 29, 2021 5:00 pm
a saun

সূৰ্যৰ বৰণ নীলা আৰু আকাশৰ বৰণ হালধীয়া।

এনে ধৰণৰ ব্যতিক্ৰমী ঘটনাৰেই সাক্ষী হৈ পৰিল এটা বৃহত্তৰ অঞ্চলৰ বাসিন্দা।

হয় সূৰ্য নীলা হৈ পৰাৰ ঘটনাই ঘটিছে ভাৰতৰ চুবুৰীয়া দেশ চীনত। চীনৰ পশ্চিম অঞ্চলৰ লগতে মংগোলীয়া অঞ্চলত শেহতীয়াকৈ প্ৰায় ১৫ দিন ধৰি সূৰ্য নীলা বৰণৰ হৈয়েই উদিত হৈছে আৰু সেই বৰণ লৈয়েই অস্তও গৈছে।

আনহাতে আকাশৰ স্বাভাৱিক নীলা ৰং গুচি তাৰ ঠাইত আকাশ হৈ পৰিছে সম্পূৰ্ণ হালধীয়া। ইয়া কোনো মহাজাগতিক কাৰণত হোৱা ঘটনা নহয়।

দৰাচলতে চীনৰ পশ্চিম প্ৰান্ত আৰু মংগোলীয়া অঞ্চলৰ মৰুভূমিত বিগত কিছুদিন ধৰি বলিছে ধূলিৰ ধুমুহা।

এই ধুমুহাৰ ফলতে আকাশ চানি ধৰিছে মৰুভূমিৰ ধূলিয়ে।

ধূলিয়ে ঢাকি ধৰাৰ বাবেই মংগোলীয়াকে ধৰি চীনৰ বহু অঞ্চলৰ পৰা সূৰ্যক দেখা গৈছে নীলা আৰু আকাশ হালধীয়া।

ধূলিৰ ধুমুহাৰ ফলত সৃষ্টি হোৱা প্ৰদূষণে উক্ত অঞ্চল সমূহত বহু লোকক অসুস্থ কৰি তোলা বুলিও জনা গৈছে।

উল্লখ্য বহু বছৰৰ মূৰত চীনত এনে ঘটনা ঘটিছে।

ইয়াৰ পূৰ্বে ১৯৫৮ আৰু ১৯৬১ চনতো চীনত ধূলিৰ ধুমুহাৰ বাবেই আকাশৰ ৰং হালধীয়া আৰু সূৰ্যৰ বৰণ নীলা হৈ পৰিছিল।