NORTHEAST NOW (Assamese)
Popular Stories

২৫ ফেব্ৰুৱাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘গো বিজ্ঞান’ পৰীক্ষা অনুষ্ঠিত কৰিব চৰকাৰে

January 6, 2021 1:27 pm

অহা ২৫ ফেব্ৰুৱাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘গো বিজ্ঞান’ পৰীক্ষা অনুষ্ঠিত কৰিব চৰকাৰে। এই ঘোষণা কৰিছে ৰাষ্ট্ৰীয় কামধেনু আয়োগে।

গো-কল্যাণৰ বাবে গঠন কৰা এক চৰকাৰী সংস্থা হৈছে ৰাষ্ট্ৰীয় কামধেনু আয়োগ।

এই পৰীক্ষা দেশজুৰি অনলাইন পদ্ধতিত হ’ব বুলি জনাইছে আয়োগে।

উল্লেখ্য যে পৰীক্ষাটো ১০০টা একাধিক পচন্দৰ প্ৰশ্ন থকা অবজেক্টিভ প্ৰকাৰৰ হ’ব।

এই পৰীক্ষাৰ বাবে কোনো ধৰণৰ মাচুল সংগ্ৰহ কৰা নহয় আৰু পৰীক্ষাৰ সময়সীমা ১ ঘণ্টা হ’ব।

প্ৰথমবাৰৰ বাবে আয়োজিত এই পৰীক্ষাৰ নাম দিয়া হৈছে– ‘কামধেনু গো বিজ্ঞান প্ৰসাৰ প্ৰচাৰ পৰীক্ষা’।

ৰাষ্ট্ৰীয় কামধেনু আয়োগৰ অধ্যক্ষ বল্লবভাই কাঠৰিয়াই কজানিবলৈ দি কয় যে প্ৰথমবাৰৰ বাবে আয়োজিত এই পৰীক্ষা প্ৰতিবছৰে অনুষ্ঠিত কৰা হ’ব।

উল্লেখ্য যে ইংৰাজী, হিন্দীৰ লগতে ১২টা অন্য ভাষাতো এই পৰীক্ষাটো অনুষ্ঠিত হ’ব বুলি জনাইছে।

আনহাতে চাৰিটা শাখাত অনুষ্ঠিত হ’ব এই পৰীক্ষা

১. প্ৰাথমিক পৰ্যায়ৰ পৰা অষ্টম শ্ৰেণীলৈ

২. নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ

৩. মহাবিদ্যালয়ৰ পৰ্যায়লৈকে

৪. সাধাৰণ লোক

পৰীক্ষাৰ ফলাফল ৰাষ্ট্ৰীয় কামধেনু আয়োগৰ ৱেবছাইটত উল্লেখ কৰা হ’ব। সকলোকে প্ৰমাণপত্ৰ দিয়াৰ লগতে বিশেষভাৱে কৃতকাৰ্যতা লাভ কৰা সকলক বিভিন্ন পুৰস্কাৰেৰে সন্মানিত কৰা হ’ভ বুলিও জনাইছে।