NORTHEAST NOW (Assamese)
অসম

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মেলবৰ্ণ টেষ্টত উপস্থিত থকা এগৰাকী দৰ্শক কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 6, 2021 1:07 pm

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈ থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ মেলবৰ্ণত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত অংশলোৱা এগৰাকী দৰ্শকৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰিছে।

মেলবৰ্ণ ক্ৰিকেট ক্লাৱ(এম চি চি)ৰ তৰফৰ পৰা বুধবাৰে এই কথা সদৰী কৰা হয়।

বক্সিং ডে টেষ্টৰ দ্বিতীয় দিনৰ খেলত উপভোগ কৰিব অহা দৰ্শক এগৰাকীৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰে।

মেলবৰ্ণ ক্ৰিকেট ক্লাৱে এই কথা প্ৰকাশ কৰাৰ পাছতে দেশখনৰ স্বাস্থ্য বিভাগে  গ্ৰেট চাউথাৰ্ণ ষ্টেণ্ডৰ পঞ্চম জ’নত উপস্থিত থকা দৰ্শক সকলক স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে পৰামৰ্শ দিয়ে।

উল্লেখযোগ্য যে, মেলবৰ্ণ টেষ্টৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ কিছু সংখ্যক খেলুৱৈয়ে বায়’বাবল ভংগ কৰাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল।

ৰোহিত শৰ্মা, ঋষভ পণ্টকে ধৰি কেইগৰাকীমান ক্ৰিকেটাৰে বাহিৰত আহাৰ গ্ৰহণ কৰাৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে কুইলেণ্ড প্ৰশাসনে ভাৰতীয় ক্ৰিকেট দলক কঠোৰ সতৰ্কবাণী শুনায়।

বৰ্তমানলৈ শৃংখলাটোত ভাৰত আৰু অষ্ট্ৰেলিয়াই এখন এখন টেষ্টত জয়লাভ কৰিছে।