NORTHEAST NOW (Assamese)
অসম

ৰঙালী বিহু আয়োজক সমিতিসমূহলৈ বিহু সুৰক্ষা সমিতি, অসমৰ বিশেষ গোহাৰি

Posted by: এন ই নাও নিউজ April 10, 2019 12:14 pm
Bihu suraksHA samiti

অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু সমাগত। ৰাজ্যৰ চুকে-কোণে এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি, বিহুৰ সময়ত ৰাজ্যৰ বিভিন্ন স্থানত ৰঙালী বিহু বিভিন্ন কাৰ্য্যসূচীৰে বিহু উদযাপন কৰা হ’ব। বিহু সুৰক্ষা সমিতি, অসমে বিহু উদযাপন সমিতি সমূহলৈ বিহু উদযাপনৰ ক্ষেত্ৰত জাতীয় মৰ্যাদা অক্ষুণ্ণ ৰখাৰ বাবে বিশেষভাবে গোহাৰিৰে আহ্বান জনাইছে।

গোহাৰিত সমিতিয়ে উদযাপন সমিতিসমূহক কেতবোৰ নিয়ম মানি চলি বিহুৰ স্বকীয়তা ৰক্ষাৰ বাবে অনুৰোধ জনাইছে। গোহাৰি যোগে জনোৱা আহ্বানত সমিতিয়ে উল্লেখ কৰা কেতবোৰ উল্লেখযোগ্য দাবী হ’ল-

‘জাতীয় উৎসৱ বিহুৰ পবিত্ৰতা ৰক্ষাৰ কৰাত আয়োজক সমিতি, বিহুৱা-বিহুৱতীসকলে যথোচিত গুৰুত্ব দিব লাগিব। বিহু প্ৰতিযোগিতাৰ বিষয়ত পৰম্পৰাগতভাবে প্ৰচলিত বৰবিহুৱা, বৰবিহুৱতী, ঘাই বিহুৱতী আদি অভিধাবিলাকৰ ব্যৱহাৰত গুৰুত্ব দিব লাগিব। প্ৰতিযোগিতাত ৰঙালী বিহুৰ পৰিবেশ্য কলা ক্ৰমে হুঁচৰি, ডেকা-গাভৰুৰ বিহু আৰু জেং বিহু প্ৰতিযোগিতা সুকীয়া সুকীয়াকৈ অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব লাগিব ইত্যাদি পৰামৰ্শই প্ৰধান’।

আনহাতে, বিহু সুৰক্ষা সমিতিয়ে উদযাপন সমিতি সমূহক জেঠ মাহত যাতে কোনো ধৰণৰ ৰঙালী বিহুৰ অনুষ্ঠান অনুষ্ঠিত নকৰে আৰু বিহু থলীত মাদক দ্ৰব্য বৰ্জনৰ বাবে বিশেষভাবে উদ্যোগ লয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে গোহাৰি পত্ৰযোগে অনুৰোধ জনায়। গোহাৰি পত্ৰখনত মুঠ ১২ টা পৰামৰ্শ সংলগ্ন কৰা হৈছে।

বিহু সুৰক্ষা সমিতি, অসমৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ড০ দীপেন দাসৰ লগতে মহানগৰ জিলা বিহু সুৰক্ষা সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে ঘুনুচা গগৈ আৰু ড০ দেৱাশিস বেজবৰুৱাৰ দ্বাৰা গোহাৰি পত্ৰখন প্ৰচাৰ কৰা হৈছে।