NORTHEAST NOW (Assamese)
অসম

“আকৌ হুলস্থূল হ’ব, গোটেই পৃথিৱী পিছুৱাই গ’লেও মই নাযাওঁ”, CAB-ৰ বিৰুদ্ধে পুনৰ হুংকাৰ জুবিনৰ

Posted by: এন ই নাও নিউজ April 10, 2019 1:12 pm
Zubeen Garg observing ‘Sankalpa Day’ to protest against the Centre’s move of passing the contentious Citizenship (Amendment) Bill, 2016 on 17-01-19. The protest is initiated by the Kalaguru Artist Federation and would be staged by the Artists Federation of the state .pix by UB PHOTOS

বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক অনা হ’বই বুলি সংকল্প প্ৰকাশ কৰাৰ পিছত জুবিন গাৰ্গ পুনৰ সৰৱ হৈ উঠিছে বিজেপিৰ বিৰুদ্ধে।

সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি জুবিন গাৰ্গে বিজেপিৰ জাতিধ্বংস সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ আন্দোলন কৰাৰ হুংকাৰ দিছে।

“CAB আনিলে আকৌ হুলস্থূল হ’ব। আমিতো পিছুৱাই নাযাওঁ, আমি যিটো কথাত লাগি আছো, সেইটোতে আছো সদায়। গোটেই পৃথিৱী পিছুৱাই গ’লেও মই নাযাওঁ”, স্বভাৱসুলভ খাৰাংখাচ ভংগিত শিল্পীগৰাকীয়ে কয়।

তেওঁ যোৱাবাৰ সকলোৱে একেলগে হোৱাৰ কথা মনত পেলাই এইবাৰো একেদৰে CAB-ৰ বিৰোধিতা কৰি যোৱাৰ কথা কয়।

সকলো ছাত্ৰ সংগঠন একেলগে থকাৰ ক্ষেত্ৰত তেওঁ আস্থা প্ৰকাশ কৰি কয়, “মই নাভাবো যে তেওঁলোক বিভক্ত হৈছে। যদি দৰকাৰ হয় সমুজ্জ্বলদা, মই আমি আকৌ বহিম”।

উল্লেখযোগ্য যে শিল্পী জুবিন গাৰ্গে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দৃষ্টান্তমূলক স্থিতি লৈ আহিছে। তেওঁ মুখ্য মন্ত্ৰী সোণোৱাললৈও পত্ৰ লিখিছিল বিধেয়কখন বাতিলৰ বাবে পদক্ষেপ ল’বলৈ। লগতে এই বিধেয়ক আনি অসমীয়া জাতি ধ্বংস কৰিবলৈ ওলোৱা বুলি অভিযোগ তুলি যোৱা বিধানসভাৰ নিৰ্বাচনৰ সময়ত বিজেপিৰ বাবে গান গোৱাৰ বিনিময়ত পোৱা ধন ঘূৰাই দিবলৈও সাজু হৈছিল শিল্পীজন।

লোকসভাত গৃহীত হোৱা বিতৰ্কিত বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰাত বিজেপি ব্যৰ্থ হোৱাত সকলোৱে স্বস্তিৰ নিঃশ্বাস পেলাইছিল যদিও দলটোৱে যোৱা ৮ এপ্ৰিলত প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত পুনৰ এইখন অনাৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে।

বিধেয়কখন নাগৰিকত্ব আইন সংশোধন কৰি বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দুসকলক নাগৰিকত্ব দিয়াৰ লক্ষ্যৰে অনা হৈছিল।