NORTHEAST NOW (Assamese)
অসম

আশ্ৰয়হীন শিশুসকলৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ আশ্ৰয় কক্ষ মুকলি

Posted by: এন ই নাও নিউজ April 10, 2019 1:57 pm
guwahati railway station

দেশ স্বাধীন হোৱাৰ ৭২ বছৰ হ’ল কিন্তু এতিয়াও দেশৰ শিশুই সম্পুৰ্ণৰূপে লাভ কৰা নাই অন্ন, বস্ত্ৰ, বাসস্থান আৰু শিক্ষাৰ দৰে মৌলিক অধিকাৰ সমূহ। উত্তৰ-পূব সীমান্ত ৰে’লৱে ৰে’ল আৰু প্লেটফৰ্মত উদ্ধাৰ হোৱা অভিভাৱকহীন শিশুবোৰৰ বাবে গুৱাহাটী ষ্টেচনত মুকলি কৰিছে এটা বিশেষ আশ্ৰয় কক্ষ।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সামাজিক দায়বদ্ধতাৰ আঁচনিৰ অধীনত আশ্ৰয়হীন শিশুসকলৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে মহিলা কল্যাণ সংস্থা আৰু প্ৰয়াস জে এ ছ’চাইটিৰ মাজত আঁচনিখনৰ সন্দৰ্ভত চুক্তি স্বাক্ষৰ কৰা হয়। এই আঁচনিৰ অধীনত ছ’চাইটিয়ে শিশুসকলৰ অধিকাৰৰ ক্ষেত্ৰত প্ৰাথমিক দায়িত্ব গ্ৰহণ কৰিব।

বৰ্তমান প্ৰাথমিকভাবে ২৫ টা শিশুৰ থকাৰ ব্যৱস্থা কৰা আশ্ৰয় কক্ষটোত শিশুসকলৰ শিক্ষাৰ অধিকাৰ ৰক্ষাৰ বাবে আছে পঢ়া শুনাৰ ব্যৱস্থা লগতে শিশুসকলৰ মানসিক বিকাশৰ বাবে আশ্ৰয় কক্ষটোত টেলিভিছন, কম্পিউটাৰ, চিত্ৰাংকন আদিৰ ব্যৱস্থাও কৰা হৈছে। ৰে’লৱেৰ তৰফৰ পৰা ভবিষ্যতে আশ্ৰয় কক্ষটোৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰি বেছি সংখ্যক শিশুৰ থাকিব পৰা ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰা হয়।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এজন উচ্চ পদস্থ বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰায় ২০০০ বৰ্গ মিটাৰৰ আশ্ৰয় গৃহটোত শিশুসকলৰ বাবে প্ৰয়োজনীয় আটাইবোৰ সুবিধা থকা বুলি উল্লেখ কৰে। মূলত ৰে’লৱে আৰক্ষীয়ে ষ্টেচনত উদ্ধাৰ কৰা আৰু শিশু সৰবৰাহৰ সময়ত উদ্ধাৰ হোৱা শিশুসকলক নিৰ্দিষ্ট আইনী প্ৰক্ৰিয়াৰ মাজেৰে পৰিয়ালৰ লোকৰ হাতত ঘূৰাই দিয়ালৈকে যিখিনি সময়ৰ প্ৰয়োজন হয় সেই সময়খিনিত যাতে শিশুগৰাকীৰ মৌলিক অধিকাৰ খৰ্ব নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আশ্ৰয় গৃহটো মুকলি কৰা হয় বুলি মন্তব্য কৰে।