NORTHEAST NOW (Assamese)
Popular Stories

নজিৰবিহীন ঘটনা : মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাজধানীত ট্ৰাম্পৰ সমৰ্থকৰ হিংসা; এগৰাকী মহিলাৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 7, 2021 9:07 am
index.jpga

ক্ৰমাৎ শোচনীয় হৈ পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন ডিচিৰ পৰিস্থিতি।

বুধবাৰে সন্ধিয়াৰ পৰা ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকে মাৰ্কিন যুক্তৰাষ্ট্ৰ ৰাজধানীত হিংসাত্মক পৰিস্থিতি উদ্ধৱ কৰাৰ পিছতে বৃহস্পতিবাৰে এগৰাকী মহিলাৰ মৃত্যু ঘটিছে।

উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জ’ বিডেনৰ হাতত পৰাস্ত হোৱাটোক মাৰ্কিন ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ সমৰ্থকসকলে এতিয়াও সহজভাৱে গ্ৰহণ কৰিব পৰা নাই।

আৰক্ষীৰ খবৰ অনুসৰি কেপিটেল বিল্ডিঙৰ ছিনেটত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলত চূড়ান্ত ছীল মোহৰ মৰাৰ সম্পৰ্কীয় বৈঠক চলি আছিল।

কিন্তু বৃহস্পতিবাৰে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জু বিডেনে আনুষ্ঠানিকভাৱে বিজয়ী প্ৰমাণ পত্ৰ গ্ৰহণ কৰাৰ পূৰ্বে সেয়ে ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে কেপিটেল বিল্ডিঙত আক্ৰমণ চলায় আৰু তৎমুহূৰ্ততে মাৰ্কিন কেপিটেল বিল্ডিং ৰণক্ষেত্ৰত পৰিণত তোলে। বিক্ষোভকাৰীয়ে কেপিটেল বিল্ডিং আগুৰি পেলায়।

ইয়াৰ পিছতে ট্ৰাম্পৰ সমৰ্থক বিক্ষোভকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষৰ সৃষ্টি হৈছে আৰু এই সংঘৰ্ষত এগৰাকী মহিলা গুলীবিদ্ধ হৈ মৃত্যু হৈছে।

আৰু বহু লোক আহত হোৱাৰ খবৰ আহিছে। পৰিস্থিতি শান্ত কৰাৰ স্বাৰ্তত ট্ৰাম্পৰ বহু সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ইফালে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জু বিডেনে এই ঘটনাক নিন্দা কৰাৰ লগতে উদ্বেগ প্ৰকাশ কৰিছে।

এই মাৰ্কিন ৰাজধানীৰ এই নজিৰবিহীন হিংসাত্মক ঘটনাক বিশ্ব সম্প্ৰদায়েও তীব্ৰ ভাষাৰে গৰিহণা দিছে। প্ৰাক্তান মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্ব আৰু বাৰাক অ’বামাইয়ো তীব্ৰ ভাষাৰে গৰিহণা দিছে এই হিংসাত্মক ঘটনাক।

আনহাতে হিংসা বিয়পোৱাৰ অভিযোগত ড’নাল্ড ট্ৰাম্পৰ টুইটাৰ, ইনষ্টগ্ৰাম, আৰু ফেচবুক একাউন্ট আৰু পেজ ১২ৰ পৰা ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছে।