NORTHEAST NOW (Assamese)
Popular Stories

গৰুক চিকেন ম’ম’ খুৱাই গ্ৰেপ্তাৰ ইউটিউবাৰ, উত্তম-মধ্যম দিলে গোৰক্ষকে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 10, 2025 6:31 pm

গুৰুগ্ৰামৰ ছেক্টৰ ৫৬ থানা অঞ্চলত গৰুক চিকেন মখুৱাই উত্তম-মধ্যম খালে এজন ইউটিউবাৰে। গোৰক্ষকে যুৱকজনক উত্তম-মধ্যম শোধোৱাৰ লগতে তেওঁক গতাই দিলে আৰক্ষীক।

জানিব পৰা মতে, গুৰুগ্ৰামৰ নিউ কলনীৰ বাসিন্দা ঋত্বিক চান্দানা দিল্লী বিশ্ববিদ্যালয়ত বি এ ইংলিছ অনাৰ্ছৰ ছাত্ৰ। তেওঁ ছচিয়েল মিডিয়া এপত এটা বিশেষ টাস্ক পাইছিল। ৱেব প্ৰিজ্ম এপত লাইভ ষ্ট্ৰিমিং কৰি তেওঁ মখাবলৈ লৈছিল। টাস্ক সম্পূৰ্ণ কৰিব নোৱাৰি দুপ্লেট ম খোৱাৰ পিছত যেতিয়া তেওঁ খাব নোৱাৰা হ, তেতিয়া বাকী থকা মখিনি তেওঁ কাষতে থকা এটা গৰুক খুৱাই দিয়ে।

তেওঁৰ পিতৃ এজন ব্যৱসায়ী আৰু মাতৃ চিকিৎসক বুলি জানিব পৰা গৈছে।

লাইভ ষ্ট্ৰিমিঙৰ বাবে যুৱকজনৰ এই ভিডিঅটো অতি সোনকালে ভাইৰেল হৈ পৰে আৰু ই গোৰক্ষকৰ দৃষ্টিগোচৰ হয়। হিন্দু সংগঠনৰ কৰ্মকৰ্তাসকলে যুৱকজনক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধোৱাৰ লগতে ছেক্টৰ ৫৬ থানাত তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। গোৰক্ষকসকলে অভিযোগ কৰে যে যুৱকজনে নিজৰ ফলৱাৰ্ছৰ কোৱা বাবে আৰু টকাৰ লোভত গৰুক চিকেন মখুৱাইছিল।

আৰক্ষীয়ে হিন্দু সংগঠনৰ অভিযোগৰ ভিত্তিত যুৱকজনৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিক আঘাত হনাৰ অভিযোগত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে। পিছত অৱশ্যে তেওঁক জামিনত মুকলি কৰি দিয়া হয়।

অভিযুক্ত যুৱকজনে নিজৰ ভুল স্বীকাৰ কৰে আৰু এই কাৰ্যৰ বাবে ক্ষমা বিচাৰে। ভৱিষ্যতে আৰু এনে কাম নকৰো বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে। তদন্তকাৰী বিষয়াই এই সন্দৰ্ভত কয় যে গোচৰ ৰুজু কৰি অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰা হৈছে আৰু তেওঁক জামিনত মুকলি কৰি দিয়া হৈছে।