NORTHEAST NOW (Assamese)
Popular Stories

ফেব্ৰুৱাৰীত গো-বিজ্ঞান পৰীক্ষা : আজৱ পাঠ্যক্ৰম; গৰুক হত্যা কৰিলেই আহে ভূমিকম্প!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 7, 2021 9:48 am
948033-cowdnafile

কি এই যে বিচিত্ৰ আৰু আজৱ এই দেশ! দেশত প্ৰথমবাৰ অনুষ্ঠিত হ’বলৈ গৈ আছে গো-বিজ্ঞানৰ অনলাইন পৰীক্ষা।

উল্লেখ্য যে বিজেপিয়ে শাসনৰ দায়িত্ব লাভ কৰাৰ পিছৰে পৰা দেশত গো-মাতা হৈছে পৰিছে এক ৰাজনৈতিক হাথিয়াৰ। ইতিমধ্যে বিজেপি শাসিত কিছু ৰাজ্যত গো-হত্যা নিষিদ্ধকৰণ আইন প্ৰণয়ন কৰা হৈছে।

ইফালে কৰ্ণাটক বিধানসভাত গো-মাতাৰ পূজনো কৰা হৈছে। দেশত গো-মাতাৰ প্ৰতি এইদৰে ভক্তি বৃদ্ধি হোৱাৰ সময়তে ৰাষ্ট্ৰীয় কামধেনু আয়োগৰ দ্বাৰা গৌ-বিজ্ঞান প্ৰচাৰ নামেৰে পৰীক্ষাও অনুষ্ঠিত কৰাৰ বাবে যো-জা চলিছে।

আয়োগে দেশত অহা ২৫ ফেব্ৰৱাৰীত প্ৰথম অনলাইন পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে।

কামধেনুৰ এই প্ৰচেষ্টাৰ অংশ হিচাপে ইতিমধ্যে নিজা ৱেবচাইটত পৰীক্ষাৰ পাঠ্যক্ৰম প্ৰকাশ কৰিছে। আৰু এই পাঠ্যক্ৰম দেখি সচেতন লোকৰ চকু কপালত উঠাৰ উপক্ৰম হৈছে।

পাঠ্যক্ৰমত কোৱা হৈছে দেশীয় গৰু অতি বিচক্ষণ তথা বুদ্ধিমান। কিন্তু জাৰ্চি গৰুবোৰ বিচক্ষণ বা বুদ্ধিমান নহয়।

ইমানেই নহয়, তেওঁলোকৰ মতে দেশীয় গৰুৱে মানুহ দেখিলে ওচৰলৈ গৈ নিজা অনুভূতি প্ৰকাশ কৰে কিন্তু বিদেশী গৰুৰ সেই অনুভূতি প্ৰকাশ কৰাৰ ক্ষমতাই নাই।

আনকি পাঠ্যক্ৰমত কোৱা হৈছে যে গৰু হত্যা কৰিলে ভূমিকম্পও আহে।

উল্লেখ্য যে এনেধৰণৰ আজৱ পাঠ্যক্ৰমেৰে কামধেনুৱে দেশত প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু কলেজতো গৰু বিষয়ে পৃথক বিষয় থাকিব বুলি জনাইছে। যিসকলে এই পৰীক্ষাত উত্তীৰ্ণ হ’ব তেওঁলোকক বিশেষ প্ৰশংসা পত্ৰৰ লগতে পুৰস্কাৰো প্ৰদন কৰা হ’ব।