NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ সাফল্য; টীয়কত নিশা আঠখনকৈ কয়লা ভৰ্তি ট্ৰাক জব্দ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক January 7, 2021 12:24 pm

যোৰহাট জিলাৰ টীয়কত বুধবাৰে নিশা আঠখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে টীয়ক আৰক্ষী।

জানিব পৰা মতে কোনো বৈধ নথি-পত্ৰ অবিহনেই নিশা নিমনাগড় আৰু গেলেকীৰ পৰা এই কয়লা ভৰ্তি ট্ৰাক সমূহ সৰবৰাহৰ চেষ্টা কৰিছিল।

এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিশা টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চতিশ চাহুৰ নেতৃত্বত চলিছিল এই অভিযান।

উল্লেখযোগ্য যে অভিযানত জব্দ হোৱা দুখন কয়লা ট্ৰাকে ৰাজপথতে গাড়ী এৰি চালক আৰু পৰিচালকে ঘটনাস্থলৰ পৰা পলায়ন কৰে।

অৱশ্যে বাকীসকলক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ অভিযানকাৰী দলটোৱে।

জব্দ কৰা ট্ৰাক সমূহৰ নম্বৰ হৈছে এছ-০১-বিচি-৯২৪০, এছ-০৯-চি-৪৫১৭, এছ-২৩-এচি-৪৯৯১, এছ-০১-এলচি-৬২৫১, এছ-১৭-চি-১১৯২, এছ-০৩-এচি-৮৪৫৩, এছ-০১-কেচি-১৯৪৫ আৰু এছ-১৭-চি-৩৫৬৪।

এই ঘটনাটোৱে সমগ্ৰ টীয়কৰ লগতে উজনি অসমত যে কয়লাৰ এক অবাধ তথা বৃহৎ চিণ্ডিকেট চলি আছে সেই কথাই পুনৰবাৰ প্ৰমাণিত কৰিছে l