NORTHEAST NOW (Assamese)
অসম

চিকিৎসা কৰ্মীক আক্ৰমণ কৰিলে ৭ বছৰ জেইল অথবা ৫ লাখ টকাৰ জৰিমনা; কেন্দ্ৰ চৰকাৰৰ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 22, 2020 5:23 pm

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰথম শাৰীত থাকি যুদ্ধ অব্যাহত ৰখা চিকিৎসাকৰ্মী সকলৰ ওপৰত দেশৰ বিভিন্ন ঠাইত হোৱা আক্ৰমণকৰ ঘটনাক লৈ কঠোৰ হৈছে কেন্দ্ৰ চৰকাৰ।

বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে চিকিৎসাকৰ্মী সকলৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত কেন্দ্ৰ চৰকাৰে এখন অধ্যাদেশ অনা বুলি উল্লেখ কৰি এই অধ্যাদেশৰ অধীনত চিকিৎসাকৰ্মী সকলক কৰা আক্ৰমণক ইচ্ছাকৃত আৰু জামিনবিহীন অপৰাধ হিচাপে গণ্য কৰা হ’ব বুলি কয়।

কেন্দ্ৰীয় এতিয়াৰে পৰা চিকিৎসাকৰ্মীসকলক আক্ৰমণত দোষী সাব্যস্ত হ’লে সাত বছৰ পৰ্যন্ত কাৰাবাস অথবা ৫ লাখ টকালৈ জৰিমনাৰ সন্মুখিন হ’ব লাগিব বুলি কয়।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চিকিৎসাকৰ্মীসকলে দেশৰ বিভিন্ন প্ৰান্তত নিৰবচ্ছিন্ন সেৱা আগবঢ়াই আহিছে।

ক’ৰ’নাৰ চিকিৎসাৰ বাবে যোৱা চিকিৎসা কৰ্মী সকল বিভিন্ন ঠাইত আক্ৰমণৰ সন্মুখিন হ’বলগীয়াটো পৰিছে যি অতি দুৰ্ভাগ্যজনক ঘটনা।

দেশৰ প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলেও চিকিৎসা কৰ্মীৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দি উপযুক্ত শাস্তিৰ দাবী উত্থাপন কৰিছিল।