NORTHEAST NOW (Assamese)
অসম

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰে চৰকাৰে দুৰ্গতসকলৰ ওপৰত ৰামটাঙোন সোধালে; তৰুণ গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 22, 2020 5:21 pm
"Who am I?" asks former Assam CM Tarun Gogoi

ৰাজ্য চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৫ টকাকৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে ইয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

ল’কডাউনৰ সময়ত দুৰ্গত লোকসকলক সকাহ দিয়াৰ পৰিৱৰ্তে এই সিদ্ধান্তই ৰামটাঙোন সোধোৱা বুলিহে মন্তব্য কৰিছে গগৈয়ে।

‘ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ আমি ঘোৰ প্ৰতিবাদ কৰিছো। এই সিদ্ধান্তই দুৰ্গস্ত লোকসকলক সকাহ দিয়াৰ পৰিৱৰ্তে ৰামটাঙোনহে সোধালে।‘ নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ত এইদৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

তেওঁ লগতে কয় ‘আজি বৰ দুৰ্ভাগ্যৰ বিষয় যে বিশ্বৰ লগতে অসমো আজি বিধ্বস্ত হৈছে। অসমৰ দিনহাজিৰা কৰা থেলাৱালা, ৰিক্সাৱালাকে ধৰি অন্য ক্ষুদ্ৰ ব্যৱসায়ীৰ দুৰৱস্থাৰ কথা সকলোৱে জানে।‘

এনে দুৰৱস্থাৰ সময়ত অসমবাসীক সকাহ দিয়াৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰ আৰু বিত্তমন্ত্ৰীয়ে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য পাঁচটকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ল’লে বুলি সদৰী কৰি গগৈয়ে লগতে কয় ‘আমি দুখিত যে অসম চৰকাৰে সুৰাৰ বেপাৰৰ ওপৰত গুৰুত্ব দিবলৈ লৈছে। দেশখন মদপী কৰিলে। তেওঁলোকৰ নিজৰ ভূলৰ কাৰণে এনে অৱস্থা হৈছে। মে’ মাহৰ পৰা কৰ্মচাৰীসকলক দৰমহা দিব পাৰিব, নোৱাৰে এই বিষয়তো সন্দেহৰ সৃষ্টি হৈছে।‘

উক্ত ভিডিঅ’ৰ জৰিয়তে গগৈয়ে ৰাজ্য চৰকাৰক অনুৰোধ জনাই কয়, ‘সঁচাকৈ যদি অসমবাসী ৰাইজক সকাহ দিবলৈ বিচাৰিছে ৰাইজৰ ওপৰত পেট্ৰ’ল-ডিজেল বা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি ৰাম-টাঙোন নুসুধাব।‘

উল্লেখযোগ্য যে, পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ পাছতে বিভিন্ন দল-সংগঠনে ইয়াক লৈ ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।