NORTHEAST NOW (Assamese)
অসম

ব্ৰিটিছ নগৰী শিলঘাটস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ এটি কাৰ্যালয় ভূত বাংলালৈ পৰিণত

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা January 7, 2021 12:33 pm
Zombodroid07012021113408

ব্ৰিটিছ নগৰী শিলঘাটস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ এটি কাৰ্যালয় ভূত বাংলালৈ পৰিণত।

হাবি-জংঘলৰে আবৰি ধৰিছে শিলঘাটস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়টো।

জাবৰ-জোথৰ পেলোৱা ডাষ্টবিন তথা প্ৰস্ৰাৱগাৰলৈ পৰিণত হৈছে কাৰ্যালয়টো।

এসময়ত সমগ্ৰ কলিয়াবৰৰ ভিন্ন ঠাইৰ যাত্ৰীৰ সমাগমৰে উখল-মাখল পৰিবেশে বিৰাজ কৰা শিলঘাটৰ এই কাৰ্যালয়টোৰ চৌপাশে এতিয়া বিৰাজ কৰিছে এক জয়াল পৰিৱেশ।

ক্ৰমান্বয়ে জহি-খহি গৈছে পৰিবহণ নিগমৰ শিলঘাটস্থিত এই বাছ আস্থানৰ কাৰ্যালয়টো।

এসময়ত শিলঘাটৰ পৰা নগাঁও, গুৱাহাটী¸ শিৱসাগৰলৈ চলিছিল দৈনিক ৪/৫খনকৈ বাছ।

১৯৫২ চনতে স্থাপন হৈছিল যদিও ১৯৫৫ চনতহে অসম ৰাজ্যিক পৰিৱহণ নিগমৰ বাছ আস্থানৰ স্থায়ী গৃহ নিৰ্মাণ হয় শিলঘাটত।

১৯৮৭ চনত ব্ৰহ্মপুত্ৰৰ ওপৰত কলিয়াভোমোৰা দলং মুকলি কৰি দিয়াৰ পাছতেই শিলঘাটৰ পথ পৰিৱহন সেৱা সীমিত হয়।

২০০৩ চনত সম্পূৰ্ণৰূপে বন্ধ হৈ যায় শিলঘাটস্থিত অসম ৰাজ্যিক পৰিৱহণ নিগমৰ কাৰ্যালয়।

ফলস্বৰূপে বৰ্তমান পৰিত্যক্ত অৱস্থাত পৰি আছে শিলঘাটস্থিত পৰিবহণ নিগমৰ কাৰ্যালয়টো।