NORTHEAST NOW (Assamese)
অসম

সম্পূৰ্ণ সুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ৰ পৰা যাব দিয়া হ’ল ঘৰলৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 7, 2021 1:22 pm

মৃদু হৃদৰোগত আক্ৰান্ত হৈ কলকাতাৰ উডলেণ্ড চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীক আজি চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব দিয়াৰ সময়ত চিকিৎসকলে গাংগুলীৰ স্বাস্থ্য বৰ্তমান ভালেই আছে আৰু তেওঁ সম্পূৰ্ণ সুস্থ বুলি মন্তব্য কৰে।

চিকিৎসালয়ৰ পৰা ওলাই আহি নিজৰ গাড়ীত বহাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত তেওঁ সম্পূৰ্ণ সুস্থ বুলি মন্তব্য কৰে।

তেওঁ কয়, ‘মই সকলো চিকিৎসক, নাৰ্চ আৰু মোক চোৱা চিতা কৰা চিকিৎসালয়ৰ সকলো লোককে ধন্যবাদ জ্ঞাপন কৰিছো’।

উল্লেখ্য যে যোৱা শনিবাৰ অৰ্থাৎ ২ জানুৱাৰিৰ পুৱা সৌৰভ গাংগুলী হৃদৰোগত আক্ৰান্ত হৈ কলকাতাৰ নিজৰ ঘৰতে ঢলি পৰে

বুকুত তীব্ৰ বিষ অনুভৱ কৰা সৌৰভ গাংগুলীক ততাতৈয়াকৈ দক্ষিণ কলকাতাৰ উডলেণ্ড চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

পৰীক্ষা-নিৰীক্ষাৰ অন্তত  সৌৰভ গাংগুলী মৃদু হৃদৰোগত আক্ৰান্ত আৰু তেওঁ শীঘ্ৰে বিপদমুক্ত হৈ উঠিব বুলি চিকিৎসকে প্ৰকাশ কৰিছিল।

ইফালে সাধাৰণ হৃদৰোগত আক্ৰান্ত গাংগুলীৰ ইয়াৰ ফলত কোনোধৰণৰ আভ্যান্তৰীণ আৰু বাহ্যিক অংগ-প্ৰত্যংগৰ ক্ষতি হোৱা নাই বুলি মন্তব্য কৰিছে চিকিৎসকে।