অখিলক ‘মাওবাদী’ সজোৱা হিমন্তক উভতি ধৰিলে ৰাইজৰ দলে

হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য ‘ভূতৰ মুখত ৰাম নাম লেখীয়া’ বুলি দাবী কৰি ৰুবুল দাসে আমাৰ সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তালাপত কয় ’৯০ দশকত স্বয়ং হিমন্ত বিশ্ব শৰ্মা আলফাৰ লগত জৰিত হৈ পৰিছিল ।‘
‘সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জৰিত থকা মানুহ এজনে অখিল গগৈৰ দৰে কৃষক নেতা এজনক সন্ত্ৰাসবাদীৰে তুলনা কৰাটো অতিকৈ গৰিহণাযোগ্য। ৰাইজৰ দলৰ বৰ্ধিত শক্তিৰ বাবে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল যথেষ্ট শংকিত হৈছে।‘ ৰুবুল দাসে এইদৰে কয়।
‘যদিহে অখিল গগৈ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জৰিত আছিল তেন্তে NIA ই এটা বছৰ পাৰ হৈ যোৱাৰ পাছতো কিয় সেয়া প্ৰমাণ কৰিব নোৱাৰিলে?’ বুলি প্ৰশ্ন কৰি দাসে লগতে কয় ‘SI পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা এইখন চৰকাৰে অখিল গগৈক অস্ত্ৰ-শস্ত্ৰৰে জৰিত কৰি মনে সজা গোচৰ জাপি কিমান দিনলৈকে জেইলত ৰাখিব? জেইলৰ ভিতৰৰ পৰা অতি শীঘ্ৰে অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই আহিব‘ —এইদৰে আশা ব্যক্ত কৰে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক জনে।
You may also like
বিদ্যালয় শিক্ষাক ন ৰূপেৰে সজাবলৈ জাপানী প্ৰতিষ্ঠানেৰে সহযোগিতা ‘চুপাৰ ৩০’ খ্যাত আনন্দ কুমাৰৰ
শিক্ষাৰ্থীসকলৰ বাবে উন্নত মানদণ্ডৰ শিক্ষা প্ৰদানেৰে বিদ্যালয় শিক্ষাক পুনৰ সংজ্ঞায়িত কৰাৰ উদ্দেশ্যে চুপাৰ ৩০-ৰ প্ৰতিষ্ঠাপক আৰু গণিতজ্ঞ আনন্দ কুমাৰে এক অনলাইন জাপানী…
ব্ৰিটেইনত লেবাৰ পাৰ্টিৰ নিৰংকুশ জয়; ঋষি সুনকৰ বিদায়, নতুন প্ৰধানমন্ত্ৰী হ’ব কেইৰ ষ্টাৰ্মাৰ
ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। এই নিৰ্বাচনত ইতিমধ্যে বিৰোধী লেবাৰ পাৰ্টিয়ে নিৰংকুশ বিজয় নিশ্চিত কৰিছে। আনহাতে, বৰ্তমানৰ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ…
অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীয়ে বিধায়ক পুঁজি লগাইছে খ্ৰীষ্টান ধৰ্ম প্ৰসাৰত : প্ৰাক্তন আৰ এছ এছ নেতা
বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে স্থানীয় এলেকা উন্নয়নৰ পুঁজি খ্ৰীষ্টান ধৰ্ম প্ৰসাৰত ব্যৱহাৰ কৰিছে বুলি গুৰুতৰ অভিযোগেৰে বিধানসভাৰ…
কৃষ্ণাইত ই-ৰিক্সাৰে শাসকীয় দলৰ প্ৰাৰ্থীয়ে উলিয়ালে বিশাল সমদল
৯ ডিচেম্বৰত অনষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বতাহে উত্তাল কৰি তুলিছে গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চল ৷ ইতিমধ্যে প্ৰতি গৰাকী দলীয়-নিৰ্দলীয় প্ৰাৰ্থীয়ে…