NORTHEAST NOW (Assamese)
অসম

দিল্লীত চলি আছে কৃষক সংগঠন আৰু চৰকাৰৰ মাজত নৱম পৰ্যায়ৰ আলোচনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 8, 2021 4:28 pm

আজি কৃষক সংগঠন আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত নৱম পৰ্যায়ৰ আলোচনা চলি আছে।

এই আলোচনাত দুয়োটা পক্ষই নতুন কৃষি আইন তিনিখনক লৈ চলি থকা বিতৰ্কৰ অন্ত পৰিব বুলি আশা প্ৰকাশ কৰিছে।

কৃষকসকলে তিনিওখন আইন প্ৰত্যাহাৰ আৰু নিম্নতম সমৰ্থন মূল্য (এমএছপি) সন্দৰ্ভত লিখিত প্ৰতিশ্ৰুতিৰ নিশ্চিতি দাবী কৰিছে। আনহাতে কেন্দ্ৰই আইন কেইখন প্ৰত্যাহাৰ কৰাৰ পক্ষত নাই।

বৈঠকৰ পূৰ্বে কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে কয় যে আজি বিষয়টো সন্দৰ্ভত সমাধান সূত্ৰ ওলাব বুলি আশা প্ৰকাশ কৰা হৈছে।

তেওঁ লগতে কয় যে সকলো আগবাঢ়ি আহিলেহে সমাধান সূত্ৰ ওলাব।

উল্লেখ্য যে আজিৰ সভাৰ পূৰ্বে চৰকাৰ আৰু কৃষকসকলৰ মাজত ৮টা পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছিল, কিন্তু এতিয়ালৈকে কোনো চূড়ান্ত সমাধান পোৱা হোৱা নাই।

কৃষকৰ সৈতে আলোচনাত মিলিত হোৱাৰ পূৰ্বে কৃষি মন্ত্ৰী নৰেন্দ্ৰ টোমাৰ আৰু পীয়ুষ গোৱেলে গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে।

কৃষি বিভাগৰ ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধুৰীয়ে কয় যে চৰকাৰে ১০ টা পদক্ষেপ লৈছে আৰু কৃষকে ২টা পদক্ষেপ ল’লে ইয়াৰ সমাধান ওলাব।

ইফালে চৰকাৰৰ সৈতে নৱম পৰ্যায়ৰ আলোচনাৰ বাবে বিজ্ঞান ভৱনত উপস্থিত হোৱা কৃষক নেতা ৰাকেশ টিকাটে আজিৰ এই আলোচনাৰ পৰা কিবা ভাল ফলাফল ওলাব বুলি আশা প্ৰকাশ কৰিছে।

কিন্তু তেওঁ পুনৰ এবাৰ স্পষ্ট কৰি দিয়ে কৃষি আইন কেইখন বাতিল নকৰা পৰ্যন্ত এই আন্দোলনৰ অন্ত নপৰে।