অখিলক ‘মাওবাদী’ সজোৱা হিমন্তক উভতি ধৰিলে ৰাইজৰ দলে

হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য ‘ভূতৰ মুখত ৰাম নাম লেখীয়া’ বুলি দাবী কৰি ৰুবুল দাসে আমাৰ সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তালাপত কয় ’৯০ দশকত স্বয়ং হিমন্ত বিশ্ব শৰ্মা আলফাৰ লগত জৰিত হৈ পৰিছিল ।‘
‘সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জৰিত থকা মানুহ এজনে অখিল গগৈৰ দৰে কৃষক নেতা এজনক সন্ত্ৰাসবাদীৰে তুলনা কৰাটো অতিকৈ গৰিহণাযোগ্য। ৰাইজৰ দলৰ বৰ্ধিত শক্তিৰ বাবে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল যথেষ্ট শংকিত হৈছে।‘ ৰুবুল দাসে এইদৰে কয়।
‘যদিহে অখিল গগৈ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জৰিত আছিল তেন্তে NIA ই এটা বছৰ পাৰ হৈ যোৱাৰ পাছতো কিয় সেয়া প্ৰমাণ কৰিব নোৱাৰিলে?’ বুলি প্ৰশ্ন কৰি দাসে লগতে কয় ‘SI পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা এইখন চৰকাৰে অখিল গগৈক অস্ত্ৰ-শস্ত্ৰৰে জৰিত কৰি মনে সজা গোচৰ জাপি কিমান দিনলৈকে জেইলত ৰাখিব? জেইলৰ ভিতৰৰ পৰা অতি শীঘ্ৰে অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই আহিব‘ —এইদৰে আশা ব্যক্ত কৰে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক জনে।
You may also like
এইকেইখন জিলাত আজি হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ!
অসমত পুনৰ বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। প্ৰবল ধুমুহা-বৰষুণে কঁপাব পাৰে সমগ্ৰ ৰাজ্য। ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰৰ বাবে জাৰি কৰিছে…
শিক্ষকৰ অভাৱত অনিশ্চয়তাত কলিয়াবৰৰ তিনিখনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ভৱিষ্যৎ
বিকশিত অসমৰ শ্ল’গান গোৱা চৰকাৰৰ শিক্ষা বিভাগ এতিয়া গভীৰ নিদ্ৰাত। চৰকাৰৰ শিক্ষা বিভাগৰ অমনোযোগিতাৰ ফলতেই ঘোৰ অন্ধকাৰলৈ গতি কৰিবলৈ আগবাঢ়িছে শিক্ষাৰ্থীৰ ভৱিষ্যত।…
পোপ ট্ৰাম্প! পোপৰ সাজ-পোছাক পিন্ধা এআই-নিৰ্মিত ফটো পোষ্ট কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ট্ৰুথ ছ’চিয়েল প্লেটফৰ্মত পোপৰ সাজ-পোছাক পিন্ধা এআই-জেনেৰেটেড ছবি শ্বেয়াৰ কৰি বিতৰ্কৰ সৃষ্টি কৰিছে। ২ মে’ত পোষ্ট কৰা…
নাগ্ৰীজুলিৰ খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন
‘বৰ্তমান সময়ত সমগ্ৰ বিশ্বতেই গোলকীয় উষ্ণতা এক জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হৈছে। জীৱ শ্ৰেষ্ঠ মানৱৰ অদূৰদৰ্শিতাৰ বাবে আজি সমগ্ৰ বিশ্বৰ বিভিন্ন ঠাইত…