NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱত কভিড-১৯ ভেকচিনৰ ড্ৰাই ৰাণ আৰম্ভ

Posted by: চানু গগৈ Updated by: চানু গগৈ January 8, 2021 6:05 pm
covid-vaccine-dry-r

সমগ্ৰ ৰাজ্যৰ লগতে আজি মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ সহযোগত অতিমাৰী কৰো’না ভাইৰাছৰ বিৰুদ্ধে ড্ৰাইৰাণ উদ্বোধন কৰে জিলা উপায়ুক্ত লীনা দাসে।

মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চৌহদত আয়োজিত ড্ৰাইৰাণ উদ্বোধন কৰি উপায়ুক্ত গৰাকীয়ে এই কাৰ্যসূচীৰ দ্বাৰা অনাগত সময়ত কভিড -১৯ৰ ভয়াৱহতা ৰোধ কৰিবলৈ সক্ষম হ’ব বুলি মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে,মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ এগৰাকী কৰ্মচাৰীক কভি’ড -১৯ৰ ভেকচিন প্ৰদান কৰাৰ লগতে ফেব্ৰুৱাৰী মাহৰ পৰা সামগ্ৰীকভাৱে জিলাখনৰ সকলো আঞ্চলতে এই ভেকচিন প্ৰদান কৰা হ’ব বুলিও উপায়ুক্তগৰাকীয়ে সদৰী কৰে।