NORTHEAST NOW (Assamese)
অসম

যুৱতীগৰাকীয়ে ১০০দিন ধৰি পিন্ধিছে এযোৰেই পোছাক; অভিলেখ গঢ়ি পালে এই পুৰষ্কাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 9, 2021 11:47 am
girl with one dress for 100days

আপোনাক যদি কোনোবাই সোধে আপুনি এযোৰ পোছাক কিমান দিন ধৰি পিন্ধি থাকিব পাৰিব? স্বাভাৱিকভাৱে, আপুনি হয়তো বৰ বেছি তিনিদিন বুলি উত্তৰ দিব।

কিন্তু ব’ষ্টনৰ ছাৰা ৰবিন্সে এযোৰ পোছাকেই ৩মাহতকৈয়ো অধিক সময় অৰ্থাৎ ১০০দিন পৰ্যন্ত পিন্ধাৰ অভিলেখ সৃষ্টি কৰি বাতৰিৰ শিৰোণামলৈ আহিছে।

ব’ষ্টনত একেৰাহে ১০০দিন ধৰি এযোৰ পোছাকেই পিন্ধা ছাৰা ৰবিন্স কোলে প্ৰতিবাৰে পিন্ধিবলগীয়া পোছাকযোৰ বেলেগ ধৰণে ষ্টাইল কৰি পিন্ধে।

তেওঁ টপটো কেতিয়াবা স্কাৰ্টৰ সৈতে আৰু কেতিয়াবা পেন্টৰ সৈতে পিন্ধে। এইটো তেওঁ এই কাৰণেই কৰে কিয়নো ছাৰাই ২০২০ৰ ছেপ্টেম্বৰত ১০০দিনৰ ড্ৰেছ চেলেঞ্জত অংশ লৈছিল।

দ্য মিৰ’ৰৰ প্ৰতিবেদন অনুসৰি তেওঁ সেই পোছাক পিন্ধি ১০০দিন পৰ্যন্ত নিজৰ সকলো কাম সম্পন্ন কৰে। এইটোৱে তেওঁক আগবাঢ়ি যোৱাৰ বাবে অনুপ্ৰাণিত কৰা বুলিও ছাৰাই জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে ২০২১ৰ ১জানুৱাৰিৰ পৰা ২০২২ৰ ১জানুৱাৰিলৈকে ছাৰাই কোনো নতুন কাপোৰ বা সামগ্ৰী ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছে।

ছাৰাই তেওঁৰ আলমাৰীত দম হৈ পৰি থকা কাপোৰবোৰ কেনেকৈ ব্যৱহাৰ কৰিব আৰু অহা দিনকেইটাত কি পিন্ধিব সেয়া ঠিক কৰি আলমাৰীটো খালী কৰাৰ সিদ্ধান্তও লৈছে।

ছাৰাই উক্ত চেলেঞ্জত ভাগ লৈছিল যাতে তেওঁ শেহতীয়া কোনো ফেশ্বন ডিজাইন অবিহনে থাকিব পাৰে আৰু কাপোৰ অধিক ধোৱাৰ ফলত পৃথিৱীৰ হ’ব পৰা ক্ষতি হ্ৰাস কৰাত সহায় কৰিব পাৰে।

১০০ দিনীয় পোছকৰ এই চেলেঞ্জৰ আৰম্ভণি কাপোৰৰ ব্ৰেণ্ড বুল এণ্ড-য়ে কৰিছিল। যিসকলে এই প্ৰতিযোগিতাত ভাগ লৈছিল, তেওঁলোকে বিজয়ী হোৱাৰ পাছত ১০০ আমেৰিকান ডলাৰৰ ভাউচাৰ লাভ কৰে।

এই প্ৰতিযোগিতাৰ লক্ষ্য কেবল এদিনত কেবল এযোৰ পোছাক পিন্ধাৰ অভ্যাস গঢ়ি তোলাই নাছিল বৰঞ্চ ইয়াৰ দ্বাৰা কাপোৰ প্ৰস্তুত কৰাত প্ৰয়োজনীয় শ্ৰম হ্ৰাস কৰা আৰু সেইবোৰ ধোৱাৰ ঝামেলা হ্ৰাস কৰাটোও আছিল।