NORTHEAST NOW (Assamese)
Popular Stories

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড জাকিউৰ ৰহমান লাকভিক ১৫ বছৰৰ কাৰাদণ্ড পাকিস্তানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 9, 2021 12:00 pm
ZakiurRehmanLakhvi

২৬/১১ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰ-ই-তৈবাৰ শীৰ্ষ কামাণ্ডাৰ জাকিউৰ ৰহমান লাকভিক ১৫ বছৰৰ কাৰাদাণ্ড বিহিছে পাকিস্তানৰ এখন আদালতে।

উল্লেখ্য যে যোৱা ২ জানুৱাৰীত সন্ত্ৰাসবাদী কাম কাজত আৰ্থিক সহায় আগবঢ়োৱাৰ এটা গোচৰত পাকিস্তানৰ ইমৰাণ খানৰ চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল।

শুকুৰবাৰে পাকিস্তান অধিকৃত পঞ্জাৱৰ আদালতে উক্ত গোচৰত দোষী সাৱ্যস্ত কৰি সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ শীৰ্ষ কামাণ্ডাৰজনক ১৫ বছৰৰ কাৰাদণ্ড বিহিছে।

আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে লাকভিয়ে সন্ত্ৰাসবাদী সংগঠনটোৰ সংগৃহীত ধনেৰে সন্ত্ৰাসবাদীসকলৰ বাবে এক স্বাস্থ্য কেন্দ্ৰ চলাই আহিছিল। এই অভিযোগৰ ভিত্তিতে সন্ত্ৰাসবাদী কামাণ্ডাৰজনক পাক অধিকৃত পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য যে ২০০৮ বৰ্ষৰ ২৬ নৱেম্বৰৰ মুম্বাই আক্ৰমণৰ পৰিকল্পনা এইজনা লাকভিয়ে কৰিছিল।

ইয়াৰ পিছতে ভাৰতৰ প্ৰচেষ্টাত ৰাষ্ট্ৰ সংঘই লাকভিক আন্তৰ্জাতিক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও সন্ত্ৰাসবাদীজনক পাকিস্তান চৰকাৰে কাৰাদণ্ড বিহিছিল। ছবছৰ কাৰাবাস খটাৰ পিছত ২০১৫ চনত মুকলি কৰি দিয়া হৈছিল সন্ত্ৰাসবাদী লাকভিক।

জেইলৰ পৰাই লাকভিয়ে বিভিন্ন সন্ত্ৰাসবাদী কাম কাজ জড়িত থকাৰো অভিযোগ উত্থাপন হৈ আহিছিল লাকভিৰ বিৰুদ্ধে।