NORTHEAST NOW (Assamese)
অসম

হঠাতে ঘন ঘোৰ আন্ধাৰে আৱৰি ধৰিলে সমগ্ৰ পাকিস্তান, কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 10, 2021 11:54 am
a pak

২০১৫ চনৰ জানুৱাৰী মাহত যি ঘটিছিল ঠিক তেনে ঘটনাৰে পুনৰাবৃত্তি ঘটিল পাকিস্তানত।

যোৱা নিশাৰে পৰা দেশ খনৰ ইছলামাবাদ, ৰাৱালপিণ্ডি, লাহোৰ, পেছোৱাৰকে ধৰি প্ৰায় সকলোবোৰ চহৰ আন্ধাৰত বুৰ যায়।

নিশা ১১.৪১ বজাৰ পৰা সমগ্ৰ পাকিস্তানতে ব্যাহত হৈ পৰে বিদ্যুৎ যোগান ব্যৱস্থা।

ফলত নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে দেশ  খনৰ কোটি কোটি জনতাই।

পাকিস্তানৰ বিদ্যুৎ দপ্তৰে টুইটাৰত জনোৱা মতে বিদ্যুৎ যোগান ব্যৱস্থাত হঠাতে দেখা দিয়া বিজুতিৰ বাবেই এনে বিপৰ্যয় ঘটিছে।

টুইটত কোৱা হৈছে যে ট্ৰেন্সমিছন ফ্ৰিকুৱেন্সি হঠাতে ৫০ৰ পৰা ০লৈ অৱনমিত হোৱা বাবেই এনে দুৰ্যোগ ঘটিছে।

অৱস্থাৰ উন্নতি ঘটিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি বিদ্যুৎ দপ্তৰৰ তৰফৰ পৰা জনোৱা হৈছে।

উল্লেখ্য ২০১৫ চনৰ জানুৱাৰী মাহতো দেশ খনত এনে দুৰ্যোগ ঘটিছিল।

প্ৰধান মন্ত্ৰী ইমৰাণ খানে দুৰ্যোগৰ সময়ত জনতাক চৰকাৰক সহায় কৰিবলৈ আহ্বান জনাইছে।

ইপিনে বিদ্যুৎ যোগান ব্যাহত হৈ পৰাত চিকিৎসা খণ্ডকে ধৰি ডেইৰী উদ্যোগ আদি ব্যপক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।