NORTHEAST NOW (Assamese)
অসম

ওদালগুৰি জিলাৰ চমুৱাপাৰাত গাওঁবাসীয়ে বলপূৰ্বক ৰখালে যাত্ৰীবাহী ৰে’ল

Posted by: চাজিদ খান March 17, 2018 10:52 am
TRAIN-BLOCK-570x320

টংলা আৰু হৰিশিঙা ষ্টেশ্যনৰ মাজত ৪৫-৪৬ কিলোমিটাৰ দূৰত্বৰ টংলা মহাবিদ্যালয়ৰ ওচৰৰ চমুৱাপাৰা-পানেৰী পথত এটা ৰখীয়াবিহীন ৰে’লৱে ক্ৰছিং গেট স্থাপনৰ দাবীত এক নাটকীয় প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।

গাওঁবাসী আৰু ছাত্ৰসকলে তেওঁলোকৰ দাবী সাব্যস্ত কৰিবলৈ উজনিমুৱা ৰঙিয়া-ডেকাৰগাঁৱ ৫৫৮৬১ নং যাত্ৰীবাহী ৰে’লখন শুকুৰবাৰে দুপৰীয়া অৱৰোধ কৰি ৰখাই দিয়ে।

অধিকাংশ মহিলা আৰু স্কুলীয়া ছাত্ৰৰে সৈতে গাওঁবাসীয়ে ৰে’লপথত অৱস্থান কৰি প্ৰায় ১-৩০ মান বজাত ৰে’লখন ৰখাই দিয়ে আৰু পাঁচ মিনিটৰ বাবে আবদ্ধ কৰি ৰাখে।

TRAIN-BLOCK-570x320

ঘটনাস্থলীত জিআৰপিৰ জোৱান আৰু স্থানীয় আৰক্ষী আহি উপস্থিত হোৱাৰ আগেয়ে গাওঁবাসী তাৰ পৰা আঁতৰি যায়।

গাওঁবাসীৰ লগতে বিদ্যালয় তথা মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলে অঞ্চলটোত এখন ক্ৰ’ছিং গেট নোহোৱাৰ বাবে বিপদশংকুল পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে।

গাওঁবাসীয়ে আনকি এখন দাবী সমিতিও গঠন কৰিছে আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰঙিয়া সংমণ্ডলৰ মাণ্ডলিক ৰে’ল প্ৰৱন্ধক, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধক আৰু ওদালগুৰি জিলাৰ উপায়ুক্তলৈ কেইবাখনো স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও কোনো ইতিবাচক সঁহাৰি লাভ কৰা নাই।

অঞ্চলটোৰ ৰাজ্যসভাৰ সাংসদ শান্তিয়াজ কুজুৰেও বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে যাতায়ত কৰা গাওঁবাসীৰ সুৰক্ষাৰ দিশটোৰ কথা চিন্তা কৰি উত্থাপন কৰা দাবী সম্পৰ্কে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়লৈ পত্ৰ লিখিছিল।