NORTHEAST NOW (Assamese)
অসম

জনসংযোগ বিভাগক বিজেপিৰ প্ৰচাৰ শাখালৈ ৰূপান্তৰিত কৰাটো সহ্য কৰা নহ’ব: প্ৰদেশ কংগ্ৰেছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 12, 2021 8:01 am
dipr-assam-1280x720-750x375

সোমবাৰে শিলচৰলৈ অহা বিজেপিৰ ৰাষ্ট্রীয় সভাপতিৰ দলীয় সভালৈ সংবাদকৰ্মী সকলক জন-সংযোগ বিভাগৰ বিষয়াই সামাজিক মাধ্যমযোগে নিমন্ত্রণ কৰা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে।

প্ৰদেশ কংগ্ৰেছে এক বিবৃতিযোগে তেওঁলোকৰ এই অসন্তুষ্টিৰ কথা প্ৰকাশ কৰিছে।

কংগ্ৰেছৰ প্ৰশ্ন, বিভাগীয় সকলো নীতি নিয়ম ধোঁৱা চাঙত তুলি জন-সংযোগৰ বিষয়াই কাৰ নিৰ্দেশত এনেদৰে শাসকীয় ৰাজনৈতিক দলটোৰ দলীয় সভালৈ সংবাদ কৰ্মীক নিমন্ত্রণ কৰিলে?

দলটোৱে লগতে কয় যে নিশ্চয়কৈ চৰকাৰৰ শীর্ষ মহলৰ নিৰ্দেশ অবিহনে এনে কাম কৰিবলৈ এজন বিষয়াই কেতিয়াও সাহস নকৰে। অসম চৰকাৰৰ আঁচনি সমূহ ৰাইজৰ কাষলৈ লৈ যোৱা আৰু প্ৰচাৰ কৰাটোহে জন সংযোগ বিভাগৰ প্ৰধান দায়িত্ব, শাসকীয় দলৰ ৰাজনৈতিক সভালৈ নিমন্ত্রণ কৰটো নহয়।

কিন্তু, তাৰ পৰিৱর্তে সোমবাৰৰ ঘটনাই জন সংযোগ বিভাগটো বৰ্তমান সোণোৱাল চৰকাৰৰ দিনত বিজেপি দলৰ শাখালৈহে পৰিৱর্তন হোৱাটোকে প্ৰমান কৰিলে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

মুখ্যমন্ত্রী আৰু তেওঁৰ প্ৰেছ উপদেষ্টা গৰাকীক অসম প্রদেশ কংগ্রেছ কমিটিয়ে প্ৰশ্ন কৰে যে কাৰ নিৰ্দেশত জন সংযোগ বিভাগ বিজেপিৰ প্ৰচাৰ শাখালৈ পৰিৱৰ্তিত হ’ল বা হৈছে ?

অসম প্রদেশ কংগ্রেছে জনসংযোগ বিভাগ আৰু চৰকাৰৰ এনে হঠকাৰী কাৰ্য্যৰ তীব্র বিৰোধিতা কৰিছে আৰু গৰিহণা দিছে।

প্ৰদেশ কংগ্ৰেছে সোমবাৰৰ এই ঘটনাৰ এক উচিত তদন্তৰ দাবী কৰে আৰু ভৱিষ্যতৰ দিনত যাতে কোনোপধ্যেই জন-সংযোগ বিভাগক বিজেপি দলৰ প্ৰচাৰ শাখালৈ পৰ্যবসিত কৰিবলৈ অপচেষ্টা নকৰে তাৰ বাবে কঠোৰ সকীয়নি প্ৰদান কৰে।