NORTHEAST NOW (Assamese)
Popular Stories

আজি IPLৰ নিলাম! তালিকাত ৪ জন অসমৰ খেলুৱৈৰ নাম

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 24, 2024 12:47 pm

আজি বিয়লি ৩:৩০ বজাৰ পৰা ছৌদি আৰবৰ জেদ্দাৰ আবাদি আল-জোহৰ এৰিনাত অনুষ্ঠিত হ’ব IPLৰ খেলুৱৈৰ নিলাম। এই নিলামত বিশ্ববাসীৰ দৃষ্টি কেন্দ্ৰিত হৈছে। মুঠ ৫৭৭ গৰাকী খেলুৱৈৰ নাম নিলামত অন্তৰ্ভুক্ত হৈছে, যাৰ ভিতৰত ৮২ গৰাকী খেলুৱৈৰ ভিত্তিমূল্য ২ কোটি টকা।

এইবাৰ ৰিয়ান পৰাগৰ বাহিৰে অসমৰ ৪ গৰাকী খেলুৱৈক নিলামত অন্তৰ্ভুক্ত কৰিছে। ৪ জন অসমীয়াৰ ভিতৰত মোক্তাৰ হুছেইন, মৃণ্ময় দত্ত, সুমিত গাদিগাওকাৰ আৰু আকাশ সেনগুপ্তাৰ নাম অন্তৰ্ভুক্ত।

নিলামত ঋষভ পন্ত, কে এল ৰাহুল, শ্ৰেয়স আয়াৰ, ৰবিচন্দ্ৰন অশ্বিন, য়ুজবেন্দ্ৰ চহল আৰু গ্লেন মেক্সৱেলৰ দৰে খেলুৱৈৰ বাবে আই পি এল দলসমূহে যুজিব। এইবাৰ পঞ্জাৱ কিংছৰ ব্যয় কৰিবলগীয়া ধনৰ পৰিমাণ ১১০.৫ কোটি টকা৷

মুঠ ৫৭৭ জন খেলুৱৈৰ নাম অন্তৰ্ভুক্ত হ’লেও, নিলামত অংশগ্ৰহণ কৰা দলসমূহে মুঠ ২০১ জন খেলুৱৈৰ চুক্তি কৰিব। ৮ টি ফ্ৰেঞ্চাইজিৰ আৰটিএম বিকল্প থাকিব, মুম্বাই ইণ্ডিয়ানছে একেই অনকেপড খেলুৱৈৰ বাবে আৰটিএম ব্যৱহাৰ কৰিব।