NORTHEAST NOW (Assamese)
অসম

কোভিড যোদ্ধা! পিতৃৰ কৰ’নাত মৃত্যু, মাতৃ-ভাতৃ হাস্পাতালত, তথাপি ৰোগীৰ সেৱাত ব্ৰতী এগৰাকী চিকিৎসক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2021 10:40 am
doctors service

দেশৰ কৰ’না পৰিস্থিতিয়ে ভয়ংকৰ ৰূপত নাগৰিকৰ মনত আতংকৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে কেবল অসুস্থ ৰোগী আৰু মৃত্যুৰ মাজত অবিচলভাৱে নিজৰ কৰ্তব্য সম্পাদন কৰি গৈছে একাংশ কোভিড যোদ্ধাই।

কৰ’নাৰ কালান্তক সংক্ৰমণৰ সময়ত নাগৰিকৰ একমাত্ৰ ভৰসা হৈছে চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল। স্বাভাৱিকতেই মহামাৰীৰ এই পৰিস্থিতিত চিকিৎসকসকলৰ লগতে স্বাস্থ্যকৰ্মীসকলো নিজৰ জীৱনকলৈ শংকিত।

কিন্তু এনে সন্ত্ৰাসজৰ্জৰিত পৰিস্থিতিতো সকলো প্ৰতিকূলতা নেওচি একাংশই মানৱ সেৱাত নিজকে উৎসৰ্গিত কৰিছে।

এনে এক জলন্ত উদাহৰণ দাঙি ধৰিছে পুনেৰ এগৰাকী চিকিৎসকে। তেওঁ হৈছে পুনেৰ সঞ্জীৱন হাস্পাতালৰ সঞ্চালক ডাঃ মুকুন্দ পেনুৰকৰ।

যোৱা ২৬ এপ্ৰিলত তেওঁৰ পিতৃৰ কৰ’নাত মৃত্যু হৈছে। তেওঁৰ মাতৃ আৰু ভাতৃও কৰ’নাত আক্ৰান্ত হৈ হাস্পাতালত ভৰ্তি হৈ আছে। কিন্তু তাৰপাছতো নিজৰ কৰ্তব্যত অবিচল হৈ আছে ডাঃ মুকুন্দ। নিজৰ কামত কোনো সুৰুঙা ৰখা নাই।

ডাঃ মুকুন্দ পেনুৰকৰে কয়,’’পৰিস্থিতি অত্যন্ত জটিল। আমি হাত সাৱটি বহি থাকি মানুহৰ মৃত্যু চাব নোৱাৰো।‘’

ইতিমধ্যে চিকিৎসকগৰাকীৰ কাহিনী ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ডাঃ মুকুন্দে লগতে কয়,’’বাহিৰৰ পৰিস্থিতি বৰ ভাল নহয় মই জানো। মোৰ পিতৃক বচোৱাৰ সকলো চেষ্টা মি আৰু মোৰ হাস্পাতালখনে কৰিছিলো। কিন্তু বচাব নোৱাৰিলো। মা আৰু ভাতৃৰ এতিয়াও চিকিৎসা চলি আছে। বহুদিন ধৰি মই কোভিড ৰোগীৰ চিকিৎসা কৰি আহিছো। কেতিয়াবা স্বাস্থ্যকৰ্মীসকলৰ বাবেও সকলো ৰোগীৰ চোৱাচিতা কৰাটো অসম্ভৱ হৈ পৰে। সেয়ে, পিতৃৰ মৃত্যুৰ পাছতো যিমান সোনকালে সম্ভৱ কামলৈ উভতি আহিছো।‘’

তেওঁ জানিবলৈ দিয়ে,’’মাত্ৰ তিনিদিনৰ মূৰতে কামলৈ আহিছো। কিয়নো সমাজৰ, মানুহৰ, ৰোগীসকলৰ সেৱা কৰাৰ মাজেৰেই মই মোৰ পিতৃৰ বাবে শ্ৰেষ্ঠ উপহাৰটো দিব পাৰিম।‘’