NORTHEAST NOW (Assamese)
অসম

জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল জগমোহনৰ পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2021 11:51 am
WhatsApp Image 2021-05-04 at 11.02.26 AM

জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল জগমোহনৰ সোমবাৰে মাজনিশা দিল্লীত পৰলোকপ্ৰাপ্তি ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৪বছৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে প্ৰাক্তন ৰাজ্যপালগৰাকীৰ বিয়োগত সোক ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে জগমোহনৰ মৃত্যু ৰাষ্ট্ৰৰ বাবে বৃহৎ ক্ষতি বুলি উল্লেখ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি লিখিছে,’’ জগমোহন ডাঙৰীয়াৰ বিয়োগ ৰাষ্ট্ৰৰ বাবে এক বৃহৎ ক্ষতি। তেওঁ এগৰাকী দক্ষ প্ৰশাসক আৰু এগৰাকী প্ৰসিদ্ধ পণ্ডিত আছিল। তেওঁ সদায় ভাৰতৰ বিকাশৰ বাবে কাম কৰিছিল।‘’

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও জগমোহনৰ বিয়োগত শোকপ্ৰকাশ কৰিছে।

জগমোহনক ১৯৭১চনত পদ্মশ্ৰী, ১৯৭৭চনত পদ্মভূষণ আৰু ২০১৬চনত পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয়।

তেওঁ দুটাকৈ কাৰ্যকালৰ বাবে জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল হিচাপে সেৱা আগবঢ়াইছিল।

তেওঁ প্ৰথমবাৰৰ বাবে ১৯৮৪চনৰ পৰা ১৯৮৯চনলৈ জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল কাৰ্যনিৰ্বাহ কৰাৰ পাছত পুনৰ ১৯৯০ চনৰ জানুৱাৰীৰ মাহৰ পৰা ১৯৯০চনৰ মে’ মাহলৈকে দ্বিতীয়টো কাৰ্যকাল চম্ভালিছিল।

জগমোহন ১৯৯৬চনত প্ৰথমবাৰ লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ কেন্দ্ৰীয় নগৰ উন্নয়ন আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী হিচাপেও সেৱা আগবঢ়াইছিল।

১৯২৭চনৰ ২৫ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা জগমোহন মালহোত্ৰা জগমোহন নামেৰেই জনপ্ৰিয় আছিল।

তেওঁ এগৰাকী প্ৰাক্তন অসামৰিক সেৱাৰ বিষয়া আছিল আৰু কেইবাটাও শীৰ্ষ পদত কাৰ্যনিৰ্বাহ কৰিছিল।