NORTHEAST NOW (Assamese)
অসম

ছেৰাম ইনষ্টিটিউটৰ পৰা দিল্লী আহি পালে কোভিড ভেকচিনৰ প্ৰথমখন বিমান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 12, 2021 12:36 pm
covidshield-1610426579-715x375

অহা ১৬ জানুৱাৰিৰ পৰা দেশজুৰি কোভিডৰ টীকাকৰণ আৰম্ভ হ’ব। প্ৰথম পৰ্যায়ত প্ৰায় ৩কোটি লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হ’ব।

সেয়েহে, দেশৰ বিভিন্ন চহৰলৈ কৰ’নাৰ ভেকচিনৰ ড’জ প্ৰেৰণ কৰাৰ কাম আৰম্ভ কৰা হৈছে। সোমবাৰৰ পৰাই ভেকচিনৰ সৰবৰাহৰ কাম আৰম্ভ হৈছে।

পুনেৰ ছেৰাম ইনষ্টিটিউটৰ পৰা ট্ৰাক আৰু বিমানেৰ জৰিয়তে বিশেষ ফ্ৰীজাৰত কোভিশ্বিল্ড ভেকচিনৰ ড’জসমূহ প্ৰেৰণ কৰা হৈছে।

মঙলবাৰে পুৱাই ভেকচিনৰ তিনিটা কনটেইনাৰ বিমানবন্দৰত ট্ৰাকেৰে পঠোৱা হয়। এই ট্ৰাকসমূহত ৩ ডিগ্ৰী তাপমাত্ৰাত ভেকচিন পুনে বিমানবন্দৰলৈ স্থানান্তৰিত কৰা হয়।

ইয়াৰ পৰাই মুঠ ৮খন বিমানৰ জৰিয়তে ভেকচিন ১৩টা পৃথক স্থানলৈ লৈ যোৱা হ’ব।

প্ৰথমখন বিমান মঙলবাৰে পুৱা ৮.১১বজাত দিল্লী বিমানবন্দৰলৈ বুলি যাত্ৰা কৰে আৰু ১০.১৫বজাত আহি দিল্লীত উপস্থিত হয়। এই ভেকচিন দিল্লীৰ পৰা বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হ’ব।

উল্লেখ্য যে প্ৰথম পৰ্যায়ত ভাৰত চৰকাৰে ছেৰাম ইনষ্টিটিউটক ১কোটি ১১লাখ ড’জৰ অৰ্ডাৰ দিছে। ইয়াৰ সৰবৰাহ সোমবাৰৰ পৰা আৰম্ভ হৈছে।

ভেকচিন কঢ়িয়াই অনা কনটেইনাৰসমূহ কঠোৰ আৰক্ষী নিৰাপত্তাৰ মাজেৰে ছেৰাম ইনষ্টিটিউটৰ পৰা যাত্ৰা কৰিছে।

বাতৰি অনুসৰি, এই কামত জিপিএছৰ সুবিধাকে ধৰি মুঠ ৩০০খন কনটেইনাৰ ট্ৰাক ব্যৱহাৰ কৰা হৈছে লগতে প্ৰয়োজনত আৰু ৫০০ ট্ৰাক ব্যৱহাৰ কৰা হ’ব।