NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ জখলাবন্ধাত নিশা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা January 12, 2021 1:18 pm
WildElephant

ৰাজ্যত বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো অব্যাহত আছে হাতী মানুহৰ সংঘাত। সোমবাৰে নিশা তেনেই এক কৰুণ ঘটনা সংঘটিত হয় কলিয়াবৰৰ জখলাবন্ধাত।

জানিব পৰা মতে জখলাবন্ধাস্থিত বিমলা একাডেমি বিদ্যালয়ৰ পিছফালে সোমবাৰে নিশা প্ৰায় ১০ বজাত বনৰীয়া হাতীৰ আক্ৰমণত চন্দ্ৰ গোৱালা নামৰ এগৰাকী ৬০ বছৰীয়া লোক থিতাতে নিহত হয়।

জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীটোৱে প্ৰথমে চন্দ্ৰ গোৱালাৰ বাসগৃহৰ ভাঙি লণ্ডভণ্ড কৰে আৰু পিছত চন্দ্ৰ গোৱালাক মূৰত গচকি নিহত কৰে।

এই কৰুণ ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতেই ঘটনাস্থলত জখলাবন্ধা আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ বনৰীয়া হাতীটোক খেদি পঠিওৱাৰ লগতে নিহত লোকজনক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে বনৰীয়া হাতীৰ সন্ত্ৰাসত অঞ্চলটোৰ লোকসকলে এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে।