NORTHEAST NOW (Assamese)
অসম

কেৰালত মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তিত আৰি দিয়া হ’ল বিজেপিৰ পতাকা; গোচৰ ৰুজু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 12, 2021 7:37 pm

কেৰালাত মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তিৰ ওপৰত বিজেপি দলৰ পতাকা আৰি দিয়াক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

কেৰালাৰ পালাকাড পৌৰ নিগমৰ চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তিত অচিনাক্ত দুৰ্বৃত্তই বিজেপিৰ পতাকা আৰি থৈ যায়।

ইতিমধ্যে কেৰালা আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

চৌহদত থকা চিচিটিভি ফুটেজত ধৰা পৰা অনুসৰি এগৰাকী মাস্ক পৰিহিত ব্যক্তিয়ে জাতিৰ পিতাৰ প্ৰতিমুৰ্তিটোত বিজেপিৰ পতাকা আৰি দিয়াৰ বাবে চেষ্টা কৰিছে।

মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তিত বিজেপিৰ পতাকা আৰি দিয়া ঘটনা পোহৰলৈ অহাৰ পাছতে কেৰালাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

বিভিন্ন দলৰ নেতা তথা কৰ্মী সকলে এনেধৰণৰ অবিবেচক কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদ সাব্যস্ত কৰা নেতা-কৰ্মীসকলে এনে ঘটনা সংঘটিত কৰা লোকক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।