NORTHEAST NOW (Assamese)
Popular Stories

সাত দশকৰ পিছত এগৰাকী মহিলাক মৃত্যুদণ্ড আমেৰিকাৰ : পিছে কিয় দিয়া হ’ল এই চৰম শাস্তি?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 13, 2021 6:49 pm
US-woman

প্ৰায় সাত দশকৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰত এগৰাকী মহিলাক মৃত্যুদণ্ড দিয়া হৈছে।

লিজা মণ্টোগুমাৰি নাম এগৰাকী ৫২ বছৰীয়া মহিলাক ২০০৭ চনতে দোষী সাৱস্ত্য কৰা এক অপৰাধৰ বাবে দেশখনৰ এখন আদালতে এই চূড়ান্ত শাস্তি প্ৰদান কৰিলে।

এই নিৰ্দেশ দিয়াৰ পিছতে ১৯৫৩ চনৰ পিছত মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰথমগৰাকী মৃত্যুদণ্ডৰ শাস্তি লাভ কৰাৰ মহিলাৰূপে পৰিগণিত হৈছে লিজা মণ্টোগুমাৰি।

মৃত্যুদণ্ডৰ নিৰ্দেশ লাভ কৰা মহিলাগৰাকীৰ বিৰুদ্ধে ববি জু ষ্টীননেট নামৰ এগৰাকী আঠ মহীয়া অন্তঃসত্বা মহিলাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

অভিযোগ মতে লিজাই আঠমহীয়া অন্তঃসত্বা মহিলাগৰাকীক অপহৰণ কৰি নি স্বাসৰোধ কৰি হত্যা কৰিছিল আৰু ইয়াৰ পিছত মহিলাগৰাকীৰ পেট কাটি গৰ্ভস্থ ভ্ৰণটোক উলিয়াই হত্যা কৰাৰ চেষ্টা কৰিছিল। অৱশ্যে শেষ মুহূৰ্তত শিশুটিৰ প্ৰাণ ৰক্ষা পৰিছিল।

২০০৭ বৰ্ষতে এই অভিযোগত দোষী সাৱস্ত্য কৰা হৈছিল লিজা মণ্টোগুমাৰিক।

ইফালে মণ্টোগুমাৰিৰ আইনজীৱীয়ে মানসিকভাৱে অসুস্থ বুলি দাবী কৰি লিজাক মৃত্যুদণ্ডৰ পৰা ৰেহাই দিবলৈ আনুৰোধ কৰিছিল।

কিন্তু আইনজীৱীৰ এই আবেদন বিচাৰকে খাৰিজ কৰে আৰু স্থানীয় সময় অনুসৰি ৰাতি ডেৰটা বজাত প্ৰাণঘাতী ইনজেকশ্যন দি লিজাক মৃত্যুদণ্ড বিহা হয়।