NORTHEAST NOW (Assamese)
অসম

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৫,০০,১০০ টকাৰ বৰঙণি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 15, 2021 3:29 pm

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুকুৰবাৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৫,০০,১০০ টকা বৰঙণি হিচাপে আগবঢ়ায়।

ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ এটা দলে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ সাহায্যৰ বাবে ৰাষ্ট্ৰপতি কোবিন্দক সাক্ষাৎ কৰাৰ পাছতে কোবিন্দে ৰাম মন্দিৰৰ বাবে বৰঙণি আগবঢ়ায়।

ৰাষ্ট্ৰপতি কোবিন্দে নিজৰ ব্যক্তিগত একাউণ্টৰ পৰা ৰাম মন্দিৰ নিৰ্মাণৰ অৰ্থে এই সাহায্য আগবঢ়ায়।

ৰাষ্ট্ৰপতি কোবিন্দক সাক্ষাৎ কৰা দলটোত বিশ্ব হিন্দু পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্য্যবাহী সভাপতি অলক কুমাৰ, ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ ট্ৰেজাৰাৰ গোবিন্দ দেৱ গিৰি আৰু প্ৰাক্তন কূটনীতিবিদ নৃপেন্দ্ৰ মিশ্ৰ উপস্থিত আছিল।

পূৰ্বে ৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ এটা দলে অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰত প্ৰায় ১,১০০ কোটি টকা ব্যয় হ’ব বুলি উল্লেখ কৰিছিল।

মন্দিৰ নিৰ্মাণত ব্যয় হ’বলগীয়া ধন সমগ্ৰ দেশৰ সাধাৰণ নাগৰিকৰ পৰা সংগ্ৰহ কৰা হ’ব বুলি ট্ৰাষ্টৰ তৰফৰ পৰা কোৱা হয়।

এই অভিযানৰ অংশস্বৰূপে ট্ৰাষ্টৰ এটা দলে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিছিল।

আনহাতে, বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰাও ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ পৰা সাহায্য সংগ্ৰহ কৰা হ’ব বুলি সদৰী কৰিছিল।