NORTHEAST NOW (Assamese)
অসম

চৈয়দ মুস্তাক আলী টি-২০ প্ৰতিযোগিতাত মুম্বাইৰ হৈ অভিষেক অৰ্জুন টেণ্ডুলকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 15, 2021 4:01 pm

মুম্বাই ছিনিয়ৰ দলৰ হৈ আজি প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটে বিশ্বশ্ৰেষ্ঠ বেটছমেন শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰৰ।

আজি হাৰিয়ানাৰ বিৰুদ্ধে চৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাইৰ হৈ অভিষেক ঘটে যুৱ বাওহতীয়া বেগী বলাৰ গৰাকীৰ।

মুম্বাইৰ হৈ অৰ্জুন টেণ্ডুলকাৰে অভিষেক কৰিলেও হাৰিয়ানৰ বিৰুদ্ধে পৰাস্ত হ’বলগীয়া হয় মুম্বাই।

খেলখনত মুম্বাই প্ৰথমে বেটিং কৰি ১৯.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৪৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অৰ্জুন টেণ্ডুলকাৰে কোনো ৰান নকৰাকৈ অপৰাজিত হৈ থাকে।

আনহাতে, বলিঙত অৰ্জুনে তিনি অভাৰত ৩৪ ৰান খৰচ কৰি এটা উইকেট দখল কৰিবলৈ সক্ষম হয়।

অৰ্জুনে হাৰিয়ানাৰ অপেনিং বেটছমেন চৈতন্য বিশ্নোইক মাত্ৰ চাৰি ৰানত পেভিলিয়ন মুখি কৰে।

হাৰিয়ানাই ১৭.৪ অভাৰত দুটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়।

হাৰিয়ানাৰ হৈ প্ৰাক্তন ভাৰতীয় স্পীনাৰ জয়ন্ত যাদৱে দুৰ্দান্ত বলিঙেৰে চাৰিটা উইকেট দখল কৰে।