NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা January 15, 2021 7:05 pm
Screenshot_2021-01-15-11-22-42_1

পহিলা মাঘতে আহিছে ভাল খবৰ। কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট।

অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোটৰ প্ৰস্তুতিৰ আজি শুভাৰম্ভনি কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই।

বন্ধ হৈ থকা কলিয়াবৰৰ বিহডুবি পলিয়েষ্টাৰ কল চৌহদত মন্ত্ৰী কেশৱ মহন্তই নতুন গোটটোৰ আনুষ্ঠানিকভাৱে প্ৰস্তুতি শুভাৰম্ভনি কৰে।

প্ৰায় ২২ বিঘা ভূমিত নতুনকৈ স্থাপন হব নতুন গোটটোৰ মৰাপাট কলটো।

৩৫ কোটি টকাৰ ব‍্যয় সাপেক্ষ অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোট স্থাপনক লৈ চলি থকা বিভিন্ন জল্পনা-কল্পনাৰ বাস্তৱ ৰূপ পোৱাৰ বাট মুকলি হ’ল।

ইফালে আজি দিনটোতে অসম সমবায় মৰাপাট কল শিলঘাটে ৫০ বৰ্ষ সম্পূৰ্ণ কৰে।

NCDCL ৰ পৰা অহা ছাবছিটী ঋণৰ জৰিয়তে নিৰ্মান হব নতুন মৰাপাট কলটো।

৩মাহৰ ভিতৰত নতুন মৰাপাট কলটো সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী কেশৱ মহন্তই।

কলটো হৈ উঠিলে বহু নিবনুৱা যুৱকে কৰ্মসংস্থাপন লাভ কৰিব দ্বিতীয়টো মিলত।