NORTHEAST NOW (Assamese)
অসম

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 15, 2021 6:54 pm
3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

তিনি খনকৈ বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰখা কৃষকসকলৰ সৈতে আজি চৰকাৰৰ নৱম লানি আলোচনা আছিল যদিও সেই আলোচনাও আজি ব্যৰ্থ হয়।

দিল্লীৰ বিজ্ঞান ভৱনত আজি কৃষকসকলে কৃষি আইন বাতিলৰ বিষয়ত আঁকোৰগোঁজ হৈ থাকে যদিও চৰকাৰে কোনো পৰিস্থিতিতে কৃষি আইন বাতিল কৰিব পৰা নাযাব বুলি আজি পুনৰ স্পষ্ট কৰি দিয়ে।

ফলত আজিৰ আলোচনাও ব্যৰ্থ হয়।পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য নতুন কৃষি আইন বাতিলৰ দাবীত কৃষক সংগঠন সমূহে দিল্লীৰ সীমান্তত সাব্যস্ত কৰি থকা প্ৰতিবাদে আজি ৫১ দিনত ভৰি দিছে।

কৃষক আন্দোলনৰ অন্ত পেলাবলৈ যোৱা ৮ জানুৱাৰিত চৰকাৰ আৰু কৃষকসকলৰ মাজত অনুষ্ঠিত হোৱা অষ্টম পৰ্যায়ৰ বৈঠকতে পৰৱৰ্তী পৰ্যায়ৰ আলোচনা ১৫ জানুৱাৰিত অনুষ্ঠিত হ’ব বুলি সিদ্ধান্ত লোৱা হৈছিল।

অষ্টম পৰ্যায়ৰ বৈঠকৰ পিছত অৰ্থাৎ ১২ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে কৃষি আইন ৰূপায়নত স্থগিতাদেশ প্ৰদান কৰি কৃষক সকলৰ সৈতে বিবাদমান বিষয় সমূহ সমাধান কৰাৰ ক্ষেত্ৰত এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছিল।

এই সমিতিত আছিল কৃষি অৰ্থনীতিবিদ অশোক গুলাটী, ভাৰতীয় কিষাণ য়ুনিয়নৰ অধ্যক্ষ ভুপিন্দৰ সিং মান, শ্বটকৰী সংগঠনৰ অধ্যক্ষ অনিল ঘণৱট আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠানৰ ড° প্ৰমোদ কুমাৰ যোশী।

সমিতি গঠনৰ পিছতেই চৰকাৰ আৰু কৃষকৰ আলোচনাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। প্ৰতিবাদৰত কৃষকসকলে সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিক লৈ মুঠেও সন্তুষ্ট নাছিল।

সমিতিৰ চাৰিওজন সদস্য চৰকাৰী লোক বুলি অভিযোগ তুলিছিল বিতৰ্কিত কৃষি আইন তিনিখন বাতিলৰ দাবীত দিল্লীৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলে।