NORTHEAST NOW (Assamese)
অসম

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী January 15, 2021 6:26 pm
download

যোৱা নিশা বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডাঙাইগাওঁ ৩১নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত থকা বিছমিল্লাহ হোটেলত নিচাজাতীয় দ্ৰব্য খুৱাই হোটেলত অচিনাকি এটা দুৰ্বৃত্তৰ দলে লুটপাত চলাই  টকাসহ, বিভিন্ন সা-সামগ্ৰী লুটি নিয়ে।

হোটেলৰ তিনি কৰ্মচাৰীক অচেতন অৱস্থাত স্হানীয় লোকে পুৱা উদ্ধাৰ কৰে।

পিছত ১০৮ মৃত্যুঞ্জয় গাড়ীৰে মহাত্মা গান্ধী মাণিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে।

কৰ্মচাৰী তিনি গৰাকী ক্ৰমে সোমাৰ আলী (৩৫), হাছিনা বেগম (৩০) , মফিজ আলী(৩২)।

উল্লেখ্য যে যোৱা নিশা চোৰৰ দলটোক হোটেলত থাকিবলৈ দিছিল।

সেই সুযোগতে  দলটোৱে নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড সংঘটিত কৰে ।

ঘটনাটোত অঞ্চলব্যাপী প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মাণিকপুৰ আৰক্ষীয়ে।