NORTHEAST NOW (Assamese)
অসম

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 15, 2021 5:47 pm
PM Modi

অহা ১৬ জানুৱাৰী অৰ্থাৎ কাইলৈৰ পৰা  দেশত আৰম্ভ হ’ব কোভিডৰ  টীকাকৰণ ।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে অলপতে  সকলো উৎকণ্ঠাৰ অৱসান ঘটাই ভেকচিন প্ৰদানৰ তাৰিখ ঘোষণা কৰে। কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাবে মুকলি কৰি ভেকচিন প্ৰদান কাৰ্যসূচী।

প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ কো উইন এপো মুকলি কৰিব। অৱশ্যে ভেকচিন আৰু এপ মুকলি অনুষ্ঠানত মোডীয়ে ভাৰ্চুৱেলিহে উপস্থিত থাকিব।

চৰকাৰে প্ৰকাশ কৰা মতে প্ৰথমাৱস্থাত চিকিৎসা কৰ্মী আৰু সন্মখৰ পৰা কোভিডৰ সৈতে যুঁজ দি থকা প্ৰায় ৩ কোটি লোকক ভেকচিন প্ৰদান কৰা হ’ব।

উল্লেখ্য অলপতে অক্সফ’ৰ্ডৰ আষ্ট্ৰাজেনেকাৰ কোভিডশ্বীল্ড আৰু ভাৰত বায়’টেকৰ কোভাক্সিন নামৰ কোভিড ভেকচিন দুটা ভাৰতত জৰুৰী টীকাকৰণৰ চূড়ান্ত অনুমতি লাভ কৰিছিল।

ইফালে কোভিডশ্বীল্ড ভেকচিন প্ৰস্তুতকৰ্তা ভাৰতীয় প্ৰতিষ্ঠান ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু কোভিক্সিন ভেকচিন প্ৰস্তুতকাৰী আন এটা ভাৰতীয় প্ৰতিষ্ঠান ভাৰত বায়’টেকে এক যুটীয়া বিবৃতি প্ৰকাশ কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে প্ৰতিষ্ঠান দুটাই ভাৰতত একেলগে ভেকচিন বিতৰণ কৰিব।

ভাৰতীয় প্ৰতিষ্ঠান দুটাই সমগ্ৰ বিশ্বতে কোভিড ভেকচিন বিতৰণ কৰিব বুলিও বিবৃতিত প্ৰকাশ কৰিছে।

তেওঁ লগতে জনায় যে সমগ্ৰ দেশত ভেকচিনসমূহ সংৰক্ষিত কৰি ৰাখিবলৈ ২৯ হাজাৰ ক’ল্ড ষ্ট’ৰ সাজু কৰি ৰখা হৈছে।