NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা January 16, 2021 12:16 pm
aa del

কলিয়াবৰৰ জমখলা, দেউৰী চিলাবন্ধা, বালিটিকা অঞ্চলত গঁড়ে আতংকৰ সৃষ্টি কৰিছে।

খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছে গঁড়টো।

প্ৰথমে জমখলাৰ বিষ্ণু মন্দিৰৰ কাষত আশ্ৰয় লৈ আছিল গঁড়টোৱে।

প্ৰাতঃ ভ্ৰমণলৈ যোৱা লোকে প্ৰথমে প্ৰত্যক্ষ কৰে গঁড়টো।

লগে লগে বনবিভাগক খবৰ দিয়াত উক্ত অঞ্চলত উপস্থিত হৈছেহি বনবিভাগৰ লোক।

ইয়াৰ পাছতে গঁড়টোৱে  দেউৰী চিলাবন্ধা আৰু বালিটিকা অঞ্চলত প্ৰৱেশ কৰে।

সমগ্ৰ অঞ্চলত বৰ্তমান গঁড়ৰ আতংকই বিৰাজ কৰিছে।

অৱশ্যে ইয়াৰ পূৰ্বেও কলিয়াবৰৰ ভিন্ন স্থানত গঁড়ৰ আতংক অব্যাহত আছিল।

গঁড়টোক পুনৰ কাজিৰঙাৰ হাবিলৈ খেদি পঠিওৱাৰ বাবে বন বিভাগে চেষ্টা চলাইছে যদিও সফল হ’ব পৰা নাই।